ডিজিটেল ডেস্ক, ANEWS24X7: জনজাতীয় আৰু স্থানীয় অধিবাসী লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে ঝাৰখণ্ড চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ ২০১৯ ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি হেমন্ত সোৰেন চৰকাৰে উত্থাপন কৰিছে দুখনকৈ বিধেয়ক ৷ শুক্ৰবাৰে ঝাৰখণ্ড বিধান সভাত উত্থাপন কৰা এখন বিধেয়কে চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে ৷
এই বিধেয়কে খনৰ জড়িয়তে সংৰক্ষণ কোটা বৃদ্ধি কৰা হ’ব ৷ ঝাৰখণ্ড চৰকাৰে অনুসূচীত জনজাতিৰ বাবে পূৰ্বৰ ২৬ শতাংশৰ পৰা ২৮ শতাংশলৈ, অনুসূচীত জাতিৰ বাবে পূৰ্বৰ ১০ শতাংশৰ পৰা ১২ শতাংশলৈ আৰু অ’বিচিৰ ১৪ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিব ।
দ্বিতীয়খন বিধেয়কে ঝাৰখণ্ডৰ মূল অধিবাসী সকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত ১৯৩২ ভিত্তি বৰ্ষ হিচাপে নিৰ্ধাৰণ কৰিছে ৷ এই ক্ষেত্ৰত ১৯৩২ চনৰ ভূমি কৰ্মক প্ৰামাণিক তথ্য হিচাপে গণ্য কৰা হ’ব ৷এই তথ্যৰ ভিত্তিত জনজাতীয় অধ্যুষিত ঝাৰখণ্ডৰ মূল অধিবাসী হিচাপে স্বীকৃতি দিয়া হ’ব ৷ এই কথা সদৰী কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কয় যে ,‘‘ৰাজ্য খনৰ স্থানীয় বাসিন্দাসকলক সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।’’