Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়বিবিচিয়ে অব্যাহতি দিলে ১০০০ কৰ্মচাৰীক

বিবিচিয়ে অব্যাহতি দিলে ১০০০ কৰ্মচাৰীক

ডিজিটেল ডেস্ক, ANEWS24X7: বিবিচিৰ বৃহৎ ঘোষণা ৷ বিবিচিয়ে অব্যাহতি দিব প্ৰায় ১০০০ কৰ্মচাৰীক ৷পৰম্পৰাগত সম্প্ৰচাৰৰ পৰা ডিজিটেললৈ পৰিৱৰ্তনক অগ্ৰাধিকাৰ দিবলৈ আৰুু বিত্তীয় সংকটৰ মোকাবিলা কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ এই কথা সদৰি কৰে ব্ৰিটিছ ৰাজহুৱা সেৱা সম্প্ৰচাৰকে৷

বৃহস্পতিবাৰে এই সন্দৰ্ভত বিবিচিয়ে কয় যে ,‘‘ডিজিটেল ফাৰ্ষ্ট পাব্লিক চাৰ্ভিচ মিডিয়া অৰ্গেনাইজেচন স্থাপন কৰা হ’ব৷পাঠকে বিচৰা ধৰণে বাতৰি পৰিৱেশন কৰা হ’ব৷অত্যাধুনিক পৃথিৱীৰ সৈতে খাপ খুৱাবলৈ কেইবাটাও পৰিৱৰ্তন কৰা হ’ব৷বিবিচি ৱৰ্ল্ডক আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সমগ্ৰ বিশ্বতে ২৪ ঘন্টাৰ একক বাতৰি চেনেল হিচাপে বিকশিত কৰা হ’ব ৷’’

বিশ্বৰ ভাষা সেৱাসমূহ একক ডিজিটেল বিশ্ব সেৱা হৈ পৰাৰ বাবে শিশু চেনেল চিবিবিচি,বিবিচি ফোৰ আৰু ৰেডিঅ’ ফোৰ এক্সট্ৰা চেনেলৰ পৰম্পৰাগত সম্প্ৰচাৰ বন্ধ কৰা হ’ব ৷

বিবিচিৰ সঞ্চালক প্ৰধান টিম ডেভিয়ে কয় যে,‘‘বিবিচি এখন নতুন আৰু গোলকীয় ডিজিটেল মেডিয়া কোম্পানীলৈ ৰূপান্তৰিত কৰা হ’ব৷পৰিৱৰ্তন প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগিব আৰু চাৰিওফালৰ বজাৰত হোৱা বৃহৎ পৰিৱৰ্তনবোৰ ধৰিব লাগিব৷’’

বিবিচিৰ এই পৰিৱৰ্তনৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত ১০০০ কৰ্মচাৰিক অব্যাহতি দিয়াৰ ফলত ৫০০ নিযুত পাউণ্ড ৰাহি হ’ব৷অতিৰিক্ত ৰাজহ সৃষ্টি আৰু বাণিজ্যিকভাৱে আয় সৃষ্টি কৰিবৰ বাবে ৩০০ নিয়ুত পাউণ্ড বিনিয়োগ কৰা হ’ব৷এই সন্দৰ্ভত অহা মাহত এক ঘোষণা কৰিব বিবিচিয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments