ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় ক্ৰিকেট দলৰ খেলুলৈ ঋষভ পন্টৰ চিকিৎসাৰ দায়িত্ব ললে ভাৰতীয় ক্ৰিকেট বৰ্ডে ৷ এই কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ জয় শ্বাহে ৷
বিচিচিআইৰ অধ্যক্ষ জয় শ্বাহে কয় যে ,‘‘পন্টক চিকিৎসাৰ বাবে দেহৰাডুনৰ পৰা মুম্বাইলৈ এয়াৰ এম্বুলেন্সৰ যোগে অনা হৈছে ৷ চিকিৎসাৰ বাবে অনিদিষ্ট কাললৈ ক্ৰিকেট খেলৰ পৰা দূৰত থাকিব লাগিব৷’’
উল্লেখ্য যে, ৩০ ডিচেম্বৰত এক পথ দুৰ্ঘটনাত পতিত হৈছিল ঋষভ পন্ট ৷ ঋষভ পন্টৰ দুৰ্ঘটনাৰ পিছত তেওঁৰ অনুৰাগী আৰু ক্ৰিকেটপ্ৰেমী সকলে খেলুৱৈ গৰাকী শীঘ্ৰে আৰোগ্য হ’বলৈ প্ৰাৰ্থনা জনাইছে ৷
