Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ইটালীত নতুন যুগৰ আৰম্ভ , লাভ কৰিলে মহিলা প্ৰধানমন্ত্ৰী

ইটালীত নতুন যুগৰ আৰম্ভ , লাভ কৰিলে মহিলা প্ৰধানমন্ত্ৰী

 

ডিজিটেল ডেস্ক, ANEWS24X7: ইটালীত আৰম্ভ হৈছে এক নতুন যুগৰ ৷ দেশখনে প্ৰথম বাৰৰ বাবে লাভ কৰিছে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৷ শনিবাৰে ইটালীৰ সোঁপন্থী নেত্ৰী জাৰ্জিয়া মেলোনিয়ে ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷

কেৱল ইমানে নহয় বেনিটো মুছলিনিৰ ফেচিষ্ট যুগৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনত সোঁপন্থী চৰকাৰ গঠন কৰা হৈছে ৷ ৪৫ বছৰীয়া জৰ্জিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে শনিবাৰে ৰাষ্ট্ৰপতি প্ৰাসাদত ৰাষ্ট্ৰপতি চাৰ্জিও মাটাৰেলাৰ সন্মুখত ইটালীৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷

ইটালীৰ ব্ৰাদাৰ্ছৰ নেতৃত্বত জৰ্জিয়াৰ সোঁপন্থী মিত্ৰজোঁটে যোৱা মাহত দেশখনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়লাভ কৰিছিল৷ জাৰ্জিয়া মেলোনিয়ে এই সন্দৰ্ভত কয় যে ,‘‘মোৰ এই বিজয় সকলোকে উৎসৰ্গা কৰিব বিচাৰো ৷ ইটালীৰ জনতাই আমাক নিৰ্বাচন কৰিছে ৷ আমি তেওঁলোকক প্ৰতাৰণা নকৰো ৷’’

উল্লেখ্য যে , যোৱা ২৫ ছেপ্টেম্বৰত ইটালীত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত বেনিটো মেলোনিয়ে বৃহৎ জয় লাভ কৰিছিল ৷ ইয়াৰ পিছতে শুক্ৰবাৰে সন্ধিয়া ইটালীৰ নতুন প্ৰধানমন্ত্ৰী বেনিটো মেলোনিয়ে মন্ত্ৰীসভা ঘোষণা কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments