Sunday, July 6, 2025
Homeঅসমবিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান

বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান

দুলাল কলিতা, ব্যুৰচীফ, ধুবুৰী: লোমহৰ্ষক মজেৰ আলী হত্যা কাণ্ডৰ লগত জড়িত ৯ জনক যাৱজ্জীৱন কাৰাদণ্ড। সুদীৰ্ঘ ১৫ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা মজেৰ আলীৰ পৰিয়ালে। উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ টোকৰাবান্ধা লটেয়া গাঁৱত ২০০৯ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যা কাণ্ডৰ ঘটনা।

গাঁওখনৰ মজেৰ আলী নামৰ ব্যক্তি জনক এদল উদণ্ড দুৰ্বৃত্তই অতি নৃশংস ভাৱে হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত মজেৰ আলীৰ পৰিয়ালৰ লোকে চাপৰ থানাত ৫২/২০০৯ নম্বৰত গোচৰ ৰুজু কৰে। বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ ৬৬/১৬ মতে ন্যায়াধীশে শুনানী গ্ৰহণ কৰি আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে।

বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰপীঠে উক্ত হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত ক্ৰমে- মজিবৰ ৰহমান, আজিবৰ ৰহমান, নুৰতাজ আলী, কছেৰ আলী, জামাল উদ্দিন, জাহান উদ্দিন, আজাদ আলী, ওচমান আলী আৰু সাহিদুল হক ক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 147/148/149/323/325/326/302 IPC ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।

এই ৰায়দানৰ পিছতে সুদীৰ্ঘ ১৫ বছৰ পিছত ন্যায় পোৱা মজেৰ আলীৰ দুৰ্ভগীয়া পৰিয়ালটোই সন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় ন্যায় ব্যবস্থাক ধন্যবাদ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments