Tuesday, July 8, 2025
Homeঅসমফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত কাজিৰঙাত হ’ব পক্ষী গণনা

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত কাজিৰঙাত হ’ব পক্ষী গণনা

ডিজিটেল ডেস্ক, ANEWS24X7:  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ’ব পক্ষীৰ গণনা ৷ অহা ফ্ৰেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব পক্ষীৰ গণনা ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ স্থানীয় জলচৰ আৰু পৰিভ্ৰমী পক্ষী গণনা কৰা হ’ব ৷

ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী বনসংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল অঞ্চলত চলিব এই পক্ষী গণনা ৷ এই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাতিকাষৰীয়া বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি গণনাত নিয়োজিত কৰা হ’ব ৷ এই কথা সদৰি কৰে উদ্যান কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ১২৬ টা প্ৰজাতিৰ ৯৩৪৯১ টা পক্ষীৰ উপস্থিতি লাভ কৰিচিল ৷ ৰাষ্ট্ৰীয় উদ্যানখনলৈ বিগত বৰ্ষত ৯০০০ টা বাৰ হেডেড গোজ , দুস্প্ৰাপ্য টৌন্দ্ৰা , হোৱাইট ফ্ৰন্টেড গোজৰ আগমন ঘটিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments