Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়১৫ লাখ বন্তিৰে সজাই তোলা হৈছে ৰামৰ জন্মভূমি

১৫ লাখ বন্তিৰে সজাই তোলা হৈছে ৰামৰ জন্মভূমি

ডিজিটেল ডেস্ক, ANEWS24X7:  আজি পোহৰৰ উৎসৱ দিপাৱলী আৰু কালি পূজা। সমগ্ৰ দেশতে উদযাপন কৰা হৈছে দিপাৱলী।মাটিৰ চাকিৰ পোহৰেৰে উজলি উঠিব সমগ্ৰ দেশ। আলোকসজ্জাৰে উজলিছে ৰামৰ জন্মভূমি অযোধ্যা। ১৫ লাখ বন্তি জ্বলোৱা হ’ব অযোধ্যাত ।

বিজয়া দশমীৰ দিনা ৰামচন্দ্ৰই ৰাৱণক বধ কৰি আজি দিনটোত ৰামচন্দ্ৰই সীতাক লৈ নিজ বাসভূমি অযোধ্যালৈ উভতি আহিছিল।শ্ৰীৰামচন্দ্ৰ অযোধ্যালৈ উভতি অহাৰ আনন্দত আনন্দিত হৈ পৰে অযোধ্যাবাসী।এই আনন্দত অযোধ্যাৰ ৰাইজে আজিৰ দিনটোত বন্তি জলাইছিল । সেই দিন ধৰি সমগ্ৰ ভাৰততে আজিৰ দিনটো দীপাৱলী হিচাপে উদযাপন কৰা হয় ।

আন্ধাৰৰ ওপৰত পোহৰৰ জয় , অসত্যৰ ওপৰত সত্যৰ জয় হিচাপে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হয়।

সেয়েহে অমাবস্যাৰ দিনটোত বন্তিৰ পোহৰেৰে উজলাই তুলিছিল অযোধ্যা। সেই পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ দেশেই পোহৰৰ উৎসৱ দিপাৱলী পালন কৰি আহিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments