ডিজিটেল ডেস্ক, ১০জুলাইঃ অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ চাকৰিৰ দুৱাৰ মুকলি কৰিছে। অসমৰ শিক্ষা বিভাগৰ দ্বাৰা যোৱা ৯ জুলাই তাৰিখে প্রকাশিত এক জাননী যোগে অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে প্রয়োজন নহ’ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে এতিয়া অসমৰ চাকৰিসমূহত বহিঃৰাজ্যৰ প্রার্থীৰে ভৰি পৰিব।
তদুপৰি যোৱা ৮ জুলাই তাৰিখে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এক ভিডিঅ’ বার্তা যোগে ঘোষণা কৰে যে এডিআৰই পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিসমূহ তিনিটা পৰ্যায়ৰ মাজেৰে পাৰ হ’ব। পৰীক্ষার্থীসমূহে দুটা লিখিত আৰু মৌখিক সাক্ষাৎকাৰৰ যোগেদিহে নিযুক্তি লাভ কৰিব। আজি গুৱাহাটীৰ ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় কার্যালয়ত এক সংবাদ মেল সম্বোধন কৰি সংগঠনটোৰ কাৰ্যকৰী সভাপতি অনিন্দিতা দাস, সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাই ব্যক্ত কৰে যে এডিআৰই পৰীক্ষাৰ নিযুক্তিৰ দ্বাৰা মুখ্যমন্ত্রীয়ে ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে।
অসমৰ সৰ্বকালৰ সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি নিজকে অভিহিত কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাই ৭,৬৪০ টা পদৰ নিযুক্তি প্রদান কৰিবলৈ সময় ল’ব দুই বছৰ। ২০২৩ চনৰ অক্টোবৰ মাহতে প্রকাশ পোৱা এডিআৰই-ব বিজ্ঞাপনৰ ৬ নম্বৰ দফাত উল্লেখ আছিল যে এডিআৰই-ব নিযুক্তিসমূহ ২০১৯ চনৰ কেন্দ্রীয় অধিনিয়ম অনুসৰি কেৱল লিখিত আৰু প্ৰপত্ৰ পৰীক্ষণৰ দ্বাৰা অনুষ্ঠিত হ’ব। কিন্তু এতিয়া পৰীক্ষাৰ দুমাহ আগত বিজ্ঞাপনৰ বিপৰীতে তিনিটা পর্যায়ত নিযুক্তি পৰীক্ষা কৰিবলৈ আগবাঢ়িছে। ইয়াৰ পৰা এটা থকা স্পষ্ট হৈ পৰিছে হিমন্ত বিশ্ব শর্মাই এই নিযুক্তি পৰীক্ষা অধিক লেহেমীয়া কৰি ২০২৬ চনৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে।
তদুপৰি ২৬ লাখ নিবনুৱাৰে জৰ্জৰিত অসমৰ চাকৰিসমূহ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে মুকলি কৰি নিজক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নিজকে অসমীয়া জাতিবিৰোধী বুলি পৰিচয় দিছে। যি সময়ত মুখ্যমন্ত্রীয়ে অসমীয়া জাতি সাংবিধানিক ৰক্ষাকৱচ, অসম চুক্তি ৰূপায়ণ আদিৰ কথাৰে ৰাইজক সম্মোহিত কৰে সেই সময়তে খোদ মুখ্যমন্ত্রীয়ে অসমীয়া বিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছে। সংগঠনটোৰ নেতৃবৃন্দই মুখ্যমন্ত্রীক তীব্র সমালোচনা কৰি এই বুলি উল্লেখ কৰে যে যি সময়ত ৰাজ্যৰ এটাও মথাউৰিয়ে নদীৰ পানী ৰখাব নোৱাৰি বানপানীৰ সৃষ্টি কৰিছে সেই সময়ত অসমীয়া ডেকা-গাভৰুৰ এটা চৰকাৰী চাকৰি পোৱাৰ আশাত চেঁচাপানী ঢালিছে।
যি সময়ত মুখ্যমন্ত্রী ব্যস্ত থাকিব লাগিছিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত ধনৰ দাবী কৰি অসমৰ বানপানীৰ মোকাবিলা কৰিবলৈ সেই সময়ত A FOR ASSAM কোৱা গৃহমন্ত্রী অমিত শ্বাহে অসমত কেৱল বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিহিত কৰিছে। গতিকে সংগঠনটোৰ স্পষ্ট দাবী অতিশীঘ্রে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ব নিযুক্তিসমূহত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্র বাধ্যতামূলক কৰিব লাগে, এডিআৰই-ৰ পৰীক্ষাসমূহ পূৰ্বৰ বিজ্ঞাপনৰ আধাৰত অনুষ্ঠিত কৰি ২০২৪ চনৰ ভিতৰতে নিযুক্তিৰ পৰীক্ষা সম্পূর্ণ কৰিব লাগে। তদুপৰি অসমৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰে বিশেষ পুঁজিব ঘোষণা কৰিব লাগে।