Friday, November 8, 2024
Homeৰাজনৈতিক১৬ আৰু ১৭ জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

১৬ আৰু ১৭ জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

ডিজিটেল ডেস্ক, ANEWS24X7: ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ ইয়াৰ বাবে দলটোৰ মুখ্য কাৰ্যালয়ত চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাষ্ট্ৰীয় কৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ ৰাষ্ট্ৰীয় সবাপতি জে পি নাড্ডাৰ লগতে ৩৫০ জন কাৰ্যবাহী সদস্যই ৷

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ সফলতা সমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ৰণকৌশল প্ৰস্তুত কৰা আৰু লৈ যোৱাৰ ওপৰত গুৰুত্ব দিয়া হ’ব ৷

১৬ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব এক বিশেষ বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব লগীয়া বৈঠকখনতে কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী চূড়ান্ত কৰা হ’ব ৷ ১৬ তাৰিখৰ আবেলি ৪ বজাত অনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ ১৭ জানুৱাৰীৰ আবেলি ৪ বজাত প্ৰধানমন্ত্ৰীৰ ভাষণেৰে সমাপ্ত কৰা হ’ব কাৰ্যনিবাহক সভা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments