ডিজিটেল ডেস্ক, ANEWS24X7:অভিনেতা ৰবী শৰ্মাৰ নতুন অসমীয়া ছবি মুক্তি পাইছে। তেওঁৰ নতুন ছবি ‘ব্লেক এণ্ড ৱাইট’ বিগত ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছে। ধনজিৎ দাসৰ দ্বাৰা পৰিচালিত এই ছবিখনে অসমৰ চিনেমা হলতসমূহত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে এইসকলো কথা সামাজিক মাধ্যমৰ জৰিয়তে অভিনেতা ৰবী শৰ্মাই প্ৰকাশ কৰে।
অভিনেতা ৰবী শৰ্মাই লিখে যে, ‘৬ বছৰৰ মূৰত মোৰ এখন ছবি ৰিলিজ হৈছে। দৰ্শকে ভাল পাইছে বাবে মোৰো ভাল লাগিছে। তথাপিও, অকলশৰীয়া অনুভৱ কৰিছোঁ।’
মন কৰিবলগীয়া যে, ৬ বছৰৰ মূৰত অভিনেতাজনৰ ‘ব্লেক এণ্ড ৱাইট’ ছবিখন দৰ্শকে উপভোগ কৰিছে। চিনেমা তথা থিয়েটাৰ হলত গৈ দৰ্শকে, অনুৰাগীয়ে এই চিনেমাখন চাইছে। ইয়াকে লৈ তেওঁ যথেষ্ট সুখী হৈছে। কিন্তু এই সময়ত তেওঁ নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছে বুলি জনায়। নিজ পোষ্টত তেওঁ নিজৰ নিসংগতাৰ কথা ব্যক্ত কৰে যদিও ইয়াৰ কাৰণ অস্পষ্ট।