তীৰ্থ বৰা, নগাঁও: নগাঁৱত বেলতলিত এগৰাকী ন-বোৱাৰীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আকলিমা খাতুন নামৰ বোৱাৰী গৰাকীৰ স্বামী ৰচিদুল হকৰ লগত নিশা পাৰিবাৰিক কাৰণত বাক- বিতণ্ডাৰ কিছু সময়ৰ পাছতেই চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাটো সহজভাৱে লব পৰা নাই বোৱাৰী গৰাকীৰ মাতৃ পৰিয়ালে।
স্বামী পৰিয়ালে বোৱাৰী গৰাকীক হত্যা কৰি নাটকীয় ৰূপ দিয়াৰ সন্দেহ কৰিছে মহিলা গৰাকীৰ পৰিয়ালে। ইতিমধ্যে মহিলা গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ৰূপহী থানাত এজাহাৰ দাখিল কৰিছে ।
ঘটনাস্থলীত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।
উল্লেখ্য যে, কচুৱা পদুমনিৰ আকলিমা খাতুন নামৰ মহিলা গৰাকীৰ দুমাহ পূৰ্বে সামাজিক বাবে বেলতলি ৰচিদুল হক নামৰ যুৱক জনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।
BYTE:: মৃতকৰ পৰিয়াল।