Saturday, July 5, 2025
Homeঅসমপঞ্চভূতত বিলিন হ’ল অসমীয়া চলচিত্ৰ জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

পঞ্চভূতত বিলিন হ’ল অসমীয়া চলচিত্ৰ জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

 

ডিজিটেল ডেস্ক, ANEWS24X7: পঞ্চভূতত বিলিন হ’ল অসমীয়া চলচিত্ৰ জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ। শুক্ৰবাৰে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হয় শেষকৃত্য ৷ বৃহস্পতিবাৰে নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিৰসেউজ অভিনেতাগৰাকী ৷

চিৰসেউজ অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ বৃস্পতিবাৰে নিশাটো জ্যোতি চিত্ৰবনত অভিনেতাগৰাকীৰ নশ্বৰ দেহ ৰখা হয় ।জ্যোতি চিত্ৰবনত বিভিন্নজনে অভিনেতাজনলৈ জ্ঞাপন কৰে অন্তিম শ্ৰদ্ধা।শুক্ৰবাৰে পুৱা নিপন গোস্বামীৰ নশ্বৰ দেহ জ্যোতি চিত্ৰবনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ অনা হয় , তাৰ পিছতে অভিনেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় দীঘলীপুখুৰী পাৰলৈ। দীঘলীপুখুৰী পাৰত বিভিন্ন গুণমুগ্ধই অভিনেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । ইয়াৰ পিছত ৰবীন্দ্ৰ ভৱন আৰু শ্বহীদ ন্যাসতো অভিনেতাজনক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ৰবিন্দ্ৰ ভৱনৰ পৰা দিনৰ ১১ বজাত নৱগ্ৰহ শ্মশানলৈ নিয়া হয় নিপন গোস্বামীৰ নশ্বৰ দেহ ৷ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হয় শেষকৃত্য ৷

বিশিষ্ট অভিনেতাজনৰ শেষকৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি সকলৰ লগতে অসমীয়া চলচিত্ৰ জগতৰ ভলে সংখ্যক অভিনেতা অভিনেত্ৰী , গুণমুগ্ধ উপস্থিত থাকি শেষ বিদায় জনায় ৷ অভিনেতা গৰাকীৰ মৃত্যুক সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments