Tuesday, July 8, 2025
Homeঅসমঅৱশেষত উদ্ধাৰ প্রাঞ্জল মৰাণৰ মৃতদেহ

অৱশেষত উদ্ধাৰ প্রাঞ্জল মৰাণৰ মৃতদেহ

 

ডিজিটেল ডেস্ক, ANEWS24X7:লিডুৰ অবৈধ কয়লা খনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জলৰ মৃতদেহ। আই জি পি জিৎমল দলেই প্ৰাঞ্জল মৰাণৰ পত্নী ঊৰ্বশী মৰাণক পুৱাই ফোন কৰি অৱগত কৰে এই খবৰ। ইপিনে মৃতদেহ উদ্ধাৰৰ স্থলীলৈ পৰিয়ালৰ লোক আহিব পাৰিব বুলি কোৱাৰ লগতে সন্ধিয়ালৈ মৃতদেহটো পৰিয়ালবৰ্গক গতাব বুলি ফোনযোগে নিশ্চিত প্ৰদান কৰিছে জিৎমল দলে।

চলিত বৰ্ষৰ ছয় জানুৱাৰীত লিডুত কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল মৰাণ ৷ কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লাখনিত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পাইছিল । আনহাতে ২ ফেব্ৰুৱাৰীত কয়লাখনিৰ মানুহ প্ৰাঞ্জল মৰাণৰ ঘৰত গৈ পত্নী ঊৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন, বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান কৰিছিল ।

ইপিনে ঘটনা সন্দৰ্ভত লিডু আৰক্ষী থানাত কেইজনমান ব্যক্তিৰ নাম দি গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণে কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে ডিজিপি বা কোনো মন্ত্ৰী–বিধায়কক লগ ধৰিব কৈছিল প্ৰাঞ্জলৰ পত্নীক ৷ আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপালে দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷

অৱশেষত কণমানি সন্তানক লৈ আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল দুৰ্ভগীয়া ঊৰ্বশী । ইপিনে উৰ্বশীক ডিজিপি কাৰ্যালয়ৰ পৰা এইক্ষেত্ৰত সহায় কৰাৰ আশ্বাস দিয়া হৈছিল। তাৰ পিছতে প্ৰাঞ্জল মৰাণৰ সন্ধানত নামিছিল আৰক্ষী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments