Thursday, March 12, 2026
Homeঅসমঅসম গৌৰৱ “এশিঙীয়া গড়” ৰ পুনৰ মৃতদেহ উদ্ধাৰ

অসম গৌৰৱ “এশিঙীয়া গড়” ৰ পুনৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জত উদ্ধাৰ কৰে এটা গঁড়ৰ মৃতদেহ ।শুকুৰবাৰে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জত প্ৰাপ্তবয়স্ক এটা খৰ্গ নথকা এশিঙীয়া গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হয়।কঁহৰা এটা জলভাগৰ পৰা উদ্ধাৰ কৰে এই খৰ্গ হীন গঁড়ৰ মৃতদেহটো ।

উদ্যান কৰ্তৃপক্ষই অৱশ্যে গঁড়টোৰ মৃত্যু প্ৰাকৃতিক কাৰণত হোৱা বুলি সদৰি কৰে ।আনহাতে মৃত গঁড়টোৰ মৃতদেহৰ পৰা হেৰাই যোৱা খৰ্গটো সন্ধান বিচাৰি অসম বন বিভাগে অভিযান আৰম্ভ কৰিছে।২০২২ চনৰ মাৰ্চ মাহৰ গঁড়ৰ লোকপিয়ল অনুসৰি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ২৬১৩ টা এশিঙীয়া গঁড় আছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments