ডিজিটেল ডেস্ক, ANEWS24X7: অৱশেষত নিজ গৃহ আহি পালে বহিঃৰাজ্যত মৃত্যু হোৱা চিআৰপিএফ জোৱানৰ মৃতদেহ । ছত্তীছগড়ত বাক্সাৰ চিআৰপিএফ জোৱানৰ আত্মহনন ৷ নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলিয়াই আত্মহত্যা জোৱানজনৰ ৷বাক্সা জিলাৰ শালবাৰীৰ অঞ্চলীত ঘৰ জোৱানজনৰ ৷
মৃত জোৱানজন অঞ্চলীৰ তৰণী দাসৰ পুত্ৰ গুনীন দাস ৷ এসপ্তাহ পূৰ্ৱে ছুটি সম্পূৰ্ণ কৰি ছত্তীছগড়লৈ গৈছিল জোৱানজন । ২০১৩ চনৰ এপ্ৰিল মাহত যোগদান কৰিছিল চিআৰপিএফ বাহিনীত । চিআৰপিএফৰ ১৯৫ বাহিনীৰ জোৱান আছিল গুণীন দাস ৷ কিন্তু এই জোৱানজনে কিয় আত্মহননৰ পথ বাচি ললে সেয়াএতিয়াও জানিব পৰা হোৱা নাই ৷
ইপিনে পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে মানসিক চাপ বৃদ্ধিৰ বাবে আত্মহনন কৰিছে জোৱানজনে ৷ ইতিমধ্যে জোৱানজনৰ মৃতদেহ অনা হৈছে নিজ বাসগৃহলৈ ৷ মৃতদেহ ঘৰত পোৱাৰ পিচতে সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ লগতে সামৰিক মৰ্যদাৰে মৃত জোৱানজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷