Thursday, November 7, 2024
Homeঅসমস্বগৃহলৈ অনিলে তিনিচুকীয়াত সংঘৰ্ষত নিহত উদয় অসমৰ মৃতদেহ

স্বগৃহলৈ অনিলে তিনিচুকীয়াত সংঘৰ্ষত নিহত উদয় অসমৰ মৃতদেহ

ডিজিটেল ডেস্ক, ANEWS24X7: তিনিচুকীয়া জিলাত সংঘটিত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আলফাৰ লেফটেনেণ্ট উদয় অসম ওৰফে উত্তম লাহনৰ মৃত্যু হয়। ইপিনে আলফা কেডাৰ উদয় অসমৰ মৃতদেহ অনা হ’ল স্বগৃহলৈ। তিনিচুকীয়াৰ পৰা আৰক্ষীৰ বিশাল কনভয়েৰে চৰাইদেউ জিলাৰ সোণাৰি পুৰণি জৱকা গাঁৱত পৰিয়ালক গতাই দিয়ে মৃতদেহ।

২০১২ চনতে ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে মাতৃয়ে। সকলোৰে চকুত কেৱল চকুপানী। গাঁৱৰ অজস্ৰ লোক সমবেত হ’লহি উদয় অসমৰ ঘৰত। দুবাৰকৈ অসম আৰক্ষীত তাৰ পাছত ভাৰতীয় সেনা বাহিনীত চাকৰি বিচাৰি সাক্ষাৎকাৰ দিছিল যদিও চাকৰি নাপালে উত্তম লাহনে। এক লাখ টকাৰ ঘোচ দিও চাকৰিৰ পৰা বঞ্চিত হ’বলীয়া হ’ল।

ইপিনে ঘৰৰ আত্মীয়, গোটৰ পৰা ধাৰ ঋণ কৰি ঘোচ দিয়া টকা ঘূৰাই নোপোৱাত উপায়হীন উত্তমে যোগদান কৰিছিল আলফাত এই অভিযোগ উত্থাপন কৰে নিহত আলফা কেডাৰ উদয় অসমৰ জ্যেষ্ঠ ভাতৃয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments