ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিছে কেইবাশ বিজ্ঞান পুৰস্কাৰ ৷ ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে ‘ভাৰত ৰত্ন’ বঁটাৰ আৰ্হিত প্ৰদান কৰিব ‘বিজ্ঞান ৰত্ন’ বঁটা৷কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে বিগত কেই মাহ মান ধৰি বিভিন্ন পুৰস্কাৰৰ মূল্যাঙ্কন কৰিছে ।
বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি, পৃথিৱী বিজ্ঞান আৰু গৱেষণাকে ধৰি বিভিন্ন মন্ত্ৰালয়ৰ ৮০১ টা বঁটা প্ৰদান কৰি আহিছে।কেন্দ্ৰৰ নতুন সিদ্ধান্ত অনুসৰি এই বঁটাৰ সংখ্যা ৬ টালৈ হ্ৰাস কৰা হৈছে । কেন্দ্ৰৰ এক সূত্ৰৰ তথ্য অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰি অহা কেইবাটাও বঁটা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
সূত্ৰৰ খবৰ অনুসৰি, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ নিয়ন্ত্ৰনাধীন বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ২১১ টা বঁটাৰে ২০৭ টা বঁটা বন্ধ কৰা হ’ব।পাৰমাণৱিক শক্তি বিভাগৰ ৩৮ টা বঁটাৰ বন্ধ কৰা হ’ব।মহাকাশ বিজ্ঞান বিভাগৰ তিনিওটা বঁটা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণাৰ সাতটা বঁটাৰ ভিতৰত ছয়টা বন্ধ কৰা হ’ব। ইয়াৰ উপৰিও, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ চাৰিটা বঁটাৰ ভিতৰত তিনিটা বাতিল কৰিবৰ বাবে তালিকা প্ৰেৰণ কৰিছে।
ইয়াৰ ওপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ১৭ টা বঁটাৰে ১৩ টা বঁটা আৰু স্বাস্থ্য গৱেষণা বিভাগৰ ৩৭ টা বঁটাৰে ৩৪ বঁটা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দৰ্ভত গৃহমন্ত্ৰালয়ৰ তৰফৰ পৰা কয় যে ,”পৰ্যালোচনাৰ পিছত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে বিজ্ঞানৰ একেটা ক্ষেত্ৰত গৱেষণাৰ বাবে পৃথক পৃথকে বঁটা দি আহিছে। সেইকাৰণে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।’’
কেন্দ্ৰৰ এই সিদ্ধান্তক সহজ ভাবে লব পৰা নাই বিজ্ঞানী মহলে ।বিজ্ঞানীসকলৰ মতে কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ প্ৰতিভাৰ আগমন আৰু হ্ৰাস কৰিব।উল্লেখ্য যে ১৬ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত কৰা হৈছিল ।