জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য। জুবিনক পানীৰ পৰা উঠোৱাৰ ১ ঘণ্টা ১৫ মিনিটলৈ কোনো চিকিৎসাৰ ব্যৱস্থা নাছিল। সেই সময়লৈকে আহি পোৱা নাছিল এম্বুলেন্স। ঘটনাৰ ডেৰ ঘণ্টাৰ পাছতহে উপস্থিত হৈছিল এম্বুলেন্স।
SITৰ অভিযোগনামাত বিস্ফোৰক তথ্য। ৭৫ মিনিট ধৰি সাগৰৰ পাৰত বিনা চিকিৎসাই পৰি আছিল জুবিন। অচেতন জুবিনক ডেৰ ঘণ্টাৰ পাছত উঠোৱা হৈছিল এম্বুলেন্সত।
সাগৰত ডুব যোৱাৰ খবৰ পায়ো কৰা নাছিল চিকিৎসাৰ ব্যৱস্থা। শ্যামকানু মহন্তই জুবিন গাৰ্গক ওৰেনিশা কৰোৱাইছিল মদ্যপান। অমৃতপ্ৰভা মহন্তৰ হাতত হুইস্কি তুলি দিছিল শ্যামকানুৱে।
