Tuesday, July 8, 2025
Homeঅসমঅসমৰ মুখ্যমন্ত্ৰীক চৰম অপমান

অসমৰ মুখ্যমন্ত্ৰীক চৰম অপমান

ডিজিটেল ডেস্ক, ANEWS24X7: হায়দৰাবাদত চৰম অপমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক । গৃহমন্ত্ৰী অমিত শ্বাহক হায়দৰাবাদলৈ স্বাগতম জনাই চহৰখনত অঁৰা হৈছে বিভিন্ন পোষ্টাৰ। কিন্তু তাৰ এখন পোষ্টাৰক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। ৱাশ্বিং পাউদাৰ নিৰ্মা শীৰ্ষক পোষ্টাৰখনত এগৰাকী যুৱতীৰ ৰূপত উপস্থাপন কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰীক।

আনহাতে ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ BRSয়ে চহৰখনৰ অলিয়ে-গলিয়ে আঁৰিছে এনে পোষ্টাৰ সমূহ । পোষ্টাৰখনত আছে মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণে, মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু পশ্চিমবংগৰ শুভেন্দু অধিকাৰী। দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক ই ডি য়ে চমন জাৰি কৰাৰ প্ৰতিবাদত BRSয়ে হায়দৰাবাদৰ অলিয়ে-গলিয়ে এনেধৰণৰ ৱাশ্বিং পাউদাৰ শীৰ্ষক পোষ্টাৰ আঁৰিছে এতিয়া ।

উল্লেখ্য যে CSIFৰ ৫৪ সংখ্যক ৰেইজিং ডে পেৰেডত অংশ লবৰ বাবে চহৰখনলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments