ডিজিটেল ডেস্ক, ANEWS24X7: আবাহন থিয়েটাৰৰ নাট উপভোগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি ‘লভিতা’ৰ আলমত আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা ‘লভিতা’ নাটকখনি গুৱাহাটীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তেখেতৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে উপভোগ কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীক কাষতে দেখি হেতা-ওপৰা লাগে দৰ্শকৰ মাজত ৷ নাটদৰ্শনৰ বাবে অহা দৰ্শক সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈছে চেলপি উঠাও পৰিলক্ষিত হয় ৷
লভিতা নাটকৰ প্ৰতি নাট্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে।প্ৰস্তুতি পৰাশৰৰ অনবদ্য অভিনয়ত প্ৰাণ পাই উঠিছে লভিতা নাটখন।নাটকখনিৰ মঞ্চায়নৰ লগত জড়িত থকা প্ৰতিগৰাকী কলা-কুশলীলৈ আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগত নাট উপভোগৰ সময়ত উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক দিগন্ত কালিতা , বিধায়ক ড° পৰমানন্দ ৰাজবংশী আৰু জনপ্ৰিয় অভিনেতা যতীন বৰা ৷