Sunday, July 6, 2025
Homeঅসমআৰক্ষীক পুনৰ নীতিশিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আৰক্ষীক পুনৰ নীতিশিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্ক, anews24x7: বঙাইগাঁৱৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কি গুৰুত্বপূৰ্ণ কথা ক’লে?

ইউনিফৰ্ম পিন্ধি Stageত গান হোৱাৰ লগতে ভাষণ প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ আৰক্ষী অধীক্ষকসকলক পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ জনতাৰ লগত কথা পাতক কিন্তু Publicity নিবিচাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ৷

 “আৰক্ষীৰ লোকে সাংস্কৃতিক অনুষ্ঠান আদিত অংশ গ্ৰহণৰ পৰা বিৰত থকা উচিত৷ নিজৰ পোছাকযোৰৰ মৰ্যাদা ৰক্ষা কৰি চলিব লাগে৷ ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত-মাত, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব। এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানত অংশ ল’বলৈ আৰক্ষী বিষয়াই ডিজিপিৰ অনুমতি সাপেক্ষে যাব পাৰিব৷ সাংবাদ মাধ্যমত এছ পিসকলে ওলাই থকা মনোভাৱ ত্যাগ কৰা উচিত৷ একাংশৰ এনে মনোভাৱে আন একাংশ এছপিৰ মনোবলক দুৰ্বল কৰে৷”

“পুলিচ ভেৰিফিকেচনৰ ক্ষেত্ৰত সংস্কাৰ অনা হৈছে৷ এম ভেৰিফিকেচনৰ দৰে প্ৰক্ৰিয়া কাৰ্যকৰীকৰণ কৰা হৈছে৷ আগন্তুক দিনলৈ ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব৷ পূৰ্বৰ তুলনাত বৃদ্ধি হৈ বিগত দুটা বৰ্ষত প্ৰত্যক বছৰে ১৬ শ কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে৷”

লাভ জেহাদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক’লে— “লাভ জেহাদৰ বিৰুদ্ধে আৰক্ষীয়ে সঠিক তদন্ত কৰা উচিত৷ বিয়া পতাৰ কথা কৈ ধৰ্মান্তৰিতকৰণ কৰা অপৰাধ৷ আৰক্ষীয়ে এই বিষয়ে তদন্ত কৰিব লাগিব৷ নাৰীজনিত অপৰাধকাণ্ড বিগত দুটা বছৰত হ্ৰাস পাইছে৷ নাবালিকাৰ বিবাহ সম্পৰ্কে ছেপ্টেম্বৰত পুনৰ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ অভিযান চলিব৷”

‘আন্তঃধৰ্মীয় বিৱাহৰ ক্ষেত্ৰত Special Marriage Actৰ অধীনত ল’ৰা -ছোৱালীয়ে বিৱাহ কৰিব লাগিব’। আন্তঃধৰ্মীয় বিৱাহ আৰু ধৰ্মান্তৰকৰণ সন্দৰ্ভতো  পৰামৰ্শ মুখ্যমন্ত্ৰীৰ?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments