ডিজিটেল ডেস্ক, ANEWS24X7: শীঘ্ৰে নিযক্তি প্ৰদান কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদ সমূহ ৷ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক ৷
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত জনতা ভৱনত ৰাজ্য চৰকাৰৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷
বৈঠকত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ৷ উক্ত বৈঠকত উপস্থিত থাকে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, ছেবাৰ অধ্যক্ষ আৰ চি জৈনকে ধৰি জ্যেষ্ঠ বিষয়াসকল ।