Sunday, July 6, 2025
Homeঅসমখ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7: খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

‘অসম সৌৰভ’ বঁটা প্ৰাপক নীলপৱন বৰুৱাৰ বিয়োগত এক টুইট যোগে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে৷

 

মুখ্যমন্ত্ৰীয়ে কয় যে ,‘‘যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক শ্ৰীযুত নীলপৱন বৰুৱাদেৱৰ বিয়োগত শোকাহত হৈছোঁ ৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল ৷ বৰুৱাদেৱৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালে ৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷’’

এই দুখৰ মুহূৰ্তত মই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments