Wednesday, March 11, 2026
Homeঅসমবানৰ সৈতে কিদৰে মোকাবিলা কৰিব, উপায়ুক্তক জবাবদিহি মুখ্যমন্ত্ৰীক

বানৰ সৈতে কিদৰে মোকাবিলা কৰিব, উপায়ুক্তক জবাবদিহি মুখ্যমন্ত্ৰীক

ডিজিটেল ডেস্ক, anews24x7: জিলা উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স। উন্নয়ন সন্দৰ্ভত উপায়ুক্তৰ সৈতে বিশেষ আলোচনা। বৈঠকতে একাংশক জবাবদিহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বানৰ সৈতে কিদৰে মোকাবিলা কৰিব সেই বিষয়ক লৈ আলোচনা কৰে। শেহতীয়াকৈ গুৱাহাটী-ডিব্ৰুগড়ৰ পথৰ গাঁতত পৰি দুজন লোকৰ মৃত্যু হৈছিল। এই বিষয়ত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ DCক মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিছে।

ভৰবাৰিষা সমাগত। বাটে-ঘাটে এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। সৌসিদিনা খান্দি থোৱা গাঁতৰ বাবেই গুৱাহাটীত এগৰাকী ছাত্ৰীৰ অকাল মৃত্যু। সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতা। ঠিকাদাৰক ধমক, উপায়ুক্তক দিলে কঠোৰ নিৰ্দেশ।

সকলো গাঁতত দুদিনৰ ভিতৰত বেৰিকেড লগোৱাৰো নিৰ্দেশ জাৰি কৰা হৈছে উক্ত আলোচলাত।

উল্লেখনীয় যে, ৰাইজক কোনো ঠাইত গাঁত খন্দা হৈছে বা গাঁত আছে, সেই বিষয়ে জনাবলৈ বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ নম্বৰ মুকলি কৰিবলৈ আন এক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে।শীঘ্ৰেই প্ৰতিটো পথত খন্দা গাঁতৰ ব্যৱস্থা ল’ব লাগিব বুলি ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments