আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুৰন গঞ্জু আৰু নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গোঁড় সম্পাদক চন্দন দিগালৰ লগত এটা সজাঁতি দলে কলিয়াবৰ বিধানসভা সমষ্টিৰ শালনাত ৰাজীৱ গান্ধী খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শালনা জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাত মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰে।
সাক্ষাৎ কৰি অসম চৰকাৰৰ অধীনত থকা অসম চাহ নিগমৰ অধিনস্থ আমলক্ষী চাহ বাগিছাৰ শ্ৰমিকসকলৰ মজুৰি ২০৫/- টকাৰ পৰিবৰ্তে ২৫০/- টকা দিয়া, অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৫৫১/- টকালৈ বৃদ্ধি কৰা, বাগিছাত লাইন কোৱাৰ্টাৰত থকা চাহ শ্ৰমিকৰ সকলৰ মাটিৰ পট্ৰা প্ৰদান কৰা আৰু আদিবাসী সকলৰ জাতিগত প্ৰমাণ পত্ৰ Tea Garden Labours/ Tea Garden Tribes/ Ex. Tea Garden Labours/ Ex Tea Garden Tribes ৰ পৰিবৰ্তে ওৰাং, মুণ্ডা, গঞ্জু, খাৰিয়া, চাওঁতাল, গোড়, খেৰুৱাৰ, কন্ধ, চাওঁৰা আদিৰ নামত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আদিৰে এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়। মূখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।