তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিছাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
গেলাপুখুৰী চাহ বাগিছাত অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত ৮ ডিচেম্বৰত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা ২০ টা পৰিয়ালবৰ্গক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সাক্ষাৎ কৰাৰ লগতে মৃতকৰ পৰিয়ালক অসম চৰকাৰৰ পৰা প্ৰদান কৰে এককালিন সাহায্য হিচাপে ৫ লাখ টকাকৈ চেক প্ৰদান কৰে ।
সমান্তৰালভাৱে ভাৰত চৰকাৰৰ পৰা দুই লাখ টকাকৈ এককালিনভাৱে মৃতকৰ পৰিয়ালক প্ৰদান কৰিব।
মৃতকৰ পৰিয়ালক চাহ বাগিছাত সংস্থাপন দিয়াৰ কাৰণে যাৱতীয় কামকাজ কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
