কোকৰাঝাৰৰ ফকিৰাগ্ৰামত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ ।
আত্মসহায়ক গোটৰ ২৪,৯৮৪ গৰাকী হিতাধিকাৰীক গাইপ্ৰতি ১০ হেজাৰ টকাৰ চেক বিতৰণ ।
কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ পুৰণি বজাৰ পথাৰত অনুষ্ঠিত হয় চেক বিতৰণি অনুষ্ঠান ।
চেক বিতৰণি অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
অনুষ্ঠানত উপস্থিত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী ।
বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীয়ে যি উদ্দেশ্যৰে আঁচনি দিছে সেই উদ্দেশ্য সফল হ’ব বুলি আশা প্ৰকাশ কৰে ।
সকলো জাতি -জনগোষ্ঠীৰ লোকক লগত লৈ মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে ।
তাৰ বাবে ৰাইজ সুখী আৰু ২০২৬ চনৰ নিৰ্বাচনত ৰাইজে এনডিএক মৰম কৰিব ।
পুণৰ চৰকাৰ এনডিএৰে হ’ব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হ’ব।
ইফাল সিফাল চোৱাৰ প্ৰয়োজন নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ’ব ।
আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত তেওঁৰ সহধৰ্মিনী নিৰ্বাচন খেলিব বুলি প্ৰচাৰ হোৱাটো সাংবাদিকৰ সৃষ্টি বুলি মন্তব্য কৰে ।
ইপিনে বিটিচি অঞ্চলৰ এচআৰক লৈ হুলস্থুলীয়া পৰিৱেশক লৈ আজি বিটিচিৰ পাঁচখন জিলাৰ আয়ুক্তসকলক লৈ হ’ব আলোচনা ।
কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত হ’ব আলোচনা ।
এচআৰক লৈ সমস্যা সমাধান হ’ব বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।
আনহাতে জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিগৰাকী আই-মাতৃ-বাইদেউক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যামিতা আঁচনি আৰম্ভ হৈছে ।
১০ হেজাৰ টকা ভালদৰে ব্যৱহাৰ কৰিলে পৰবৰ্তী পৰ্যায়ত ২৫ হেজাৰ , ৫০ হেজাৰ আৰু শেষত ১ লাখ পাব ।
ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ দুখীয়া , মধ্যবিত্ত মহিলাসকল লাখপতি হ’ব ।
আজিৰ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী ক্ৰমে প্ৰকাশ বসুমতাৰী , মৃত্যুঞ্জয় নাৰ্জাৰী , জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তী, বিটিচিৰ পাৰিষদ ক্ৰমে কৰ্মেশ্বৰ ৰায়, ধনেশ্বৰ গয়াৰী , এন্তাজ আলি , এজামুল হক আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
