Wednesday, March 11, 2026
Homeঅসমমুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, কোনে কোনে পাব ১০হাজাৰকৈ টকা

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, কোনে কোনে পাব ১০হাজাৰকৈ টকা

ডিজিটেল ডেস্ক, ১১জানুৱাৰী: লাখ-লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ। গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মুকলি মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ জৰিয়তে ১০ হাজাৰকৈ টকা লাভ কৰিব ৰাজ্য মহিলাসকলে। ৰাজ্যৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকাকৈ মহিলাসকলক দিব। পৰৱৰ্তী সময়ত ২৫,০০০ টকাকৈ লাভ কৰিব মহিলাসকলে।

২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা দিয়া ধন উভতাই দিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে।

প্ৰথমে মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিব নে নাই সেয়া চোৱা হ’ব। দ্বিতীয়তে মহিলাগৰাকীয়ে নিজৰ ছোৱালী সন্তানক স্কুললৈ পঠিয়াম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। সাধাৰণ শ্ৰেণী আৰু OBCৰ মহিলাই ৩টা সন্তান থাকিলে লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি মহিলা সকলে ৪টা সন্তান থাকিলেও লাভ কৰিব এই আঁচনিৰ সুবিধা।

আনহাতে এই আঁচনি সুবিধা লাভ কৰা মহিলাই জন্মনিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিও চৰকাৰক দিব লাগিব। লগতে অমৃত বৃক্ষ আন্দোলনত মহিলা সকলে ৰোপণ কৰা গছপুলিটিৰ বৰ্তমানৰ ফটো দিব লাগিব। ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত এই আবেদন পত্ৰ দিয়া হ’ব। প্ৰতিগৰাকী মহিলাই স্থানীয় পঞ্চায়তৰ পৰা লাভ কৰিব প্ৰপত্ৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বাবদ চৰকাৰৰ ব্যয় হ’ব ৪ হাজাৰ কোটি টকা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments