Thursday, March 12, 2026
Homeঅসমমুখ্যমন্ত্ৰীয়ে মোক লৈ যিখন চিনেমা বনাইছে সেইখন ফ্লপ হ'ব - গৌৰৱ গগৈ

মুখ্যমন্ত্ৰীয়ে মোক লৈ যিখন চিনেমা বনাইছে সেইখন ফ্লপ হ’ব – গৌৰৱ গগৈ

মুখ্যমন্ত্ৰীলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা । তেওঁক মই ধন্যবাদ জনাইছো । বিগত তিনি চাৰি বছৰে তেওঁ মোক লৈ যেনেদৰে ব্যস্ত হৈ আছে তাৰ বাবেই মোক দলে গধূৰ দায়িত্ব প্ৰদান কৰিছে । মুখ্যমন্ত্ৰীয়ে মোক লৈ যিখন চিনেমা বনাইছে সেইখন ফ্লপ হব – গৌৰৱ গগৈ।

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল ভাল নহয় । এইটো মানিছো আমি ভাল কৰা নাই । কংগ্ৰেছৰ যিখিনি অভাৱ আছে সেইখিনি অভাৱ পূৰণ কৰিবলৈ যত্ন কৰিম । কংগ্ৰেছ পূৰ্বৰ দৰেই শক্তিশালী হৈ উঠিব – গৌৰৱ গগৈ ।

মই অসমৰ বাবে সময় দিব বিচাৰো । মই অধিক সময় মোৰ সমষ্টিত দিব বিচাৰো।

আমাৰ উত্তৰ পূবৰ যুৱক যুৱতী সকলক দিল্লীত চীনা নাগৰিক বুলি ভাবে । আমাৰ উত্তৰ পূবৰ যুৱক যুৱতী সকলৰ চকু টনা টনা আৰু মুখমণ্ডলৰ বাবেই দিল্লীত তেওঁলোকক চীনা নাগৰিকৰ সৈতে তুলনা কৰে । প্ৰধানমন্ত্ৰীয়ে চীনৰ বিৰুদ্ধে কিবা কোৱাৰ পূৰ্বে এই বিষয়ত চিন্তা কৰক । মই এই বিষয়ে প্ৰধানমন্ত্ৰীক কৈছো ।

ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ সৰ্বস্ব ত্যাগ কৰাসকল সদায় নমস্য । তেওঁলোকৰ বাবে আমাৰ দলে চিন্তা কৰিছে । তেওঁলোকে উপযুক্ত সন্মান পাব লাগে । শ্বহীদ পিয়লি ফুকন উদ্যানত গৌৰৱ গগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে শ্বহীদ পিয়লি ফুকনৰ দৰে স্বাধীনতা সেনানীৰ উদ্যানখন কিমান ধুনীয়া হব লাগিছিল । কিন্তু কি অৱস্থাত আছে এই উদ্যানখন ।

শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ।

শিৱসাগৰ আৱৰ্ত ভৱনত জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়।

প্ৰায় ১৭গৰাকী জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়।

সভাপতিৰ লগত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকন।

তাৰ পাছতে শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন।

ঐতিহাসিক শিৱসাগৰ শিৱদৌলত পূজা অৰ্চনা সভাপতি গৰাকীৰ।

দলীয় কাৰ্যকৰ্তাৰ সৈতে ঐতিহাসিক শিৱদৌলৰ পৰা দলীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments