বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দল।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দল উপস্থিত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত।
সত্ৰৰ মাটি জালিয়াতিৰে আনৰ নামত পঞ্জীয়ন কৰাৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দলটো।
তদন্তকাৰী বিষয়া শ্যামল বণিয়াৰ নেতৃত্বত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা তিনিজনীযা দলটোৱে বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰে।
বৰপেটাত কাৰ্যনিৰ্বাহ কৰা অৱস্থাত সেই সময়ৰ অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাই জালিয়াতিৰে সত্ৰৰ ভূমি আনৰ নামত নামজাৰি কৰিছিল।
সম্প্ৰতি শ্ৰীভূমি জিলালৈ বদলিকৰণ কৰা হৈছে ACS জয়ন্ত বৰাক।
বৰপেটা জিলাত ১ বছৰ ৮ মাহ অতিৰিক্ত জিলা আয়ুক্ত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল জয়ন্ত বৰাই।
উক্ত জালিয়াতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা’ই জয়ন্ত বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত গোচৰ ৰুজু কৰিছিল।
৩৫/২৫ নম্বৰত মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে।
বৰপেটা জিলাৰ তদানীন্তন অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু
সত্ৰৰ বিঘাই বিঘাই ভূমি একাংশ সন্দেহজনক লোকৰ নামত নামজাৰি কৰাৰ অভিযোগ ACS জয়ন্ত বৰাৰ বিৰুদ্ধে।
উল্লেখ্য যে, নূপুৰ বৰাৰ দৰে অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাইও ধনৰ বিনিময়ত সত্ৰৰ ভূমি সন্দেহজনক লোকক হস্তান্তৰ কৰিছিল।
জয়ন্ত বৰাৰ বিৰুদ্ধে তথ্য পাতি লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোচৰ ৰুজু কৰা হৈছে তদাৰকী কোষত।
