Tuesday, July 8, 2025
Homeঅসমজীৱনৰ নাটৰ ভাওৰ পৰা কাহানিও উভতি নহা বাটেৰে উভতি গল গৈ পলী...

জীৱনৰ নাটৰ ভাওৰ পৰা কাহানিও উভতি নহা বাটেৰে উভতি গল গৈ পলী দেৱী আৰু ৰিটম নাথ

বৰছলাত জ্বলিল স্বামী-স্ত্ৰীৰ চিতা। শোকত ম্ৰিয়মান অঞ্চলবাসী। বৰছলাত অতি কৰুণ ঘটনা। দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবতিলে স্বামি- স্ত্ৰীয়ে। দাউদাউকৈ জ্বলিল দুখন চিতা। জ্যেষ্ঠ ভগ্নীয়ে মুখাগ্নি কৰিলে ভাতৃৰ। বিবাহৰ মা-হালধিৰ গোন্ধ আতৰিব নাপাওঁতেই চিতাত উঠিল স্বামী- স্ত্ৰী। যোৱা ২০ নৱেম্বৰত ৰাক্ষমাৰীত অনুষ্ঠিত ৰাস মহোৎসৱত পুটনাৰ ভাওত ভাও দি চিৰদিনৰ বাবে জীৱনৰ নাটৰ ভাওৰ পৰা কাহানিও উভতি নহা বাটেৰে উভতি গল গৈ পলী দেৱী আৰু ৰিটম নাথ।

শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমোৱা হৈ উভতি অহা পথত নাৰায়নপুৰ তিনিআলিত সংঘটিত অভিশপ্ত এক পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল দম্পতীহাল। অনাকাংক্ষিত এক পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যু হবলগীয়া হল সংস্কৃতিবান, প্ৰতিভাবান স্বামী-স্ত্ৰী ৰিতম নাথ আৰু পলী দেৱী। জীৱনৰ আধাবেলা ন-যাওঁতে এনেকৈয়ে সকলোকে কান্দোৱাই নিয়তিৰ ওচৰত হাৰ মানিলে এহাল নৱবিবাহিত দম্পত্তিয়ে। ৰাক্ষসমাৰী আঞ্চলিক ৰাসৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ সময়তে পুৱতি নিশা ৰাস্তা পাৰ হবলৈ লওতেই সংঘটিত হৈছিল পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন হৈছিল আছিল দুই স্বামী-স্ত্ৰী ৰিটম নাথ আৰু পলী দেৱী। ঢেকিয়াজুলিৰ নাৰায়ণপুৰত যোৱা ২১ নবেম্বৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা শোকাৱহ হৈছিল পথ দুৰ্ঘটনাটো। পুৱতি নিশা সংঘটিত এই পথ দুৰ্ঘটনাটোৱে কাল হৈছিল কেইবাটাও পৰিয়ালৰ বাবে। পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰত চাহ বাগিচাৰ সহ পৰিচালক সাগৰ দাস। পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈ সংকটজনক অৱস্থাত GMCH ত চিকিৎসাধীন হৈছিল আছে তিনি গৰাকী লোক। ইয়াৰে সংকটজনক অৱস্থাত আছিল পলী দেৱী আৰু ৰিটম নাথ। পুৱতি নিশা শোণিতপুৰ জিলাৰ ৰাক্ষসমাৰীত অনুষ্ঠিত হোৱা আঞ্চলিক ৰাস মহোৎসৱৰ পৰা ঘৰলৈ উভতাৰ পথত জ্যেষ্ঠ ভগ্নীৰ ঘৰত থাকিবলৈ বিচৰা কৃতি ডেকা নামৰ এজন যুৱককো মহতিয়াই নিছিল তীব্ৰবেগী ট্ৰেভেলাৰে।

দুৰ্ঘটনাৰ পিছতে শোকাকুল পৰিবেশে বিৰাজ কৰিছিল নাৰায়ণপুৰত। পুৱতি নিশা তেজপুৰৰ পৰা গুৱাহাটী অভিমূখে বুলি অহা AS-12AC 3946 নম্বৰৰ ট্ৰেভেলাৰ খন তীব্ৰবেগেৰে আহি সংঘটিত কৰিছিল পথ দুৰ্ঘটনাটো। নাৰায়ণপুৰত ৰৈ আছিল সাগৰ দাস, কৃতি ডেকা, প্ৰিতম নাথ আৰু পলী দেৱী। ইয়াৰে প্ৰিতম আৰু পলী দেবীয়ে কৃতি ডেকাক জ্যেষ্ঠ ভগ্নীৰ ঘৰত থাকিব দি স্কুটিৰে বৰছলালৈ যাব ওলাইছিল। হঠাতেই তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই লৈ গৈছিল চাৰিজনকে। দুৰ্ঘটনাত থিতাতে নিহত হয় হৈছিল সাগৰ দাস (৩০) সহ পৰিচালক নাৰায়নপুৰ চাহ বাগিছাৰ৷ সাগৰ দাস পশ্চিম বংগৰ পৰা নৈশ বাছত আহি ৰৈ আছিল পথৰ কাষত। পথত ৰৈ থকা কৃৰ্তি ডেকা, ৰিটম নাথ আৰু পলী দেবী (পতি পত্নী৷

ৰাক্ষসমাৰীত অনুষ্ঠিত ৰাসৰ পৰা ঘৰলৈ উভতাৰ পথত নাৰায়ণপুৰত সংঘটিত হয় এই ঘটনা। পথচাৰী কৃতি ডেকা ৰাসৰ পৰা আহি জ্যেষ্ঠ ভগ্নীৰ যাবলৈ ৰৈ আছিল। পলী দেবীয়ে ৰাক্ষসমাৰী ৰাসত পুতনাৰ চৰিত্ৰত অভিনয় কৰি স্বামী ৰিটম নাথৰ ঘৰলৈ উভতিছিল। অভিনয় কৰি ঘৰ গৈ নাপালে গৈ ৰিটম আৰু পলী দেবী। ইফালে জ্যেষ্ঠ ভগ্নীৰ ঘৰত থকা নহল কৃতি ডেকাৰ। তিনিওকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছিল। উন্নত চিকিৎসাৰ সেৱাৰ পিছতো পলী আৰু প্ৰিটমৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল। মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত সোমবাৰে দিনৰ ১১,৩০ বজাত নিয়তিৰ ওছৰত হাৰ মানিলে পলী দেৱী আৰু ৰিটম নাথে। সোমবাৰে দুয়োৰে মৃতদেহ লৈ অহা হল বৰছলাৰ নাথ গাঁৱৰ নিজ ঘৰলৈ।

মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই এক শোকাকুল পৰিবেশে বিৰাজ কৰে সমগ্ৰ বৰছলা অঞ্চলত। কোনেও কাকোকে বুজাব নোৱাৰা এক কৰুণ পৰিবেশ সৃষ্টি হল ৰিটম নাথৰ বাসগৃহত। শোকাকুল পৰিবেশৰ মাজতে নিশাৰ ভাগত বৰছলাৰ ৰাজহুৱা শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হয় পলী আৰু ৰিটমৰ। ঘৰৰ একমাত্ৰ ল’ৰা আছিল ৰিটম নাথ। প্ৰেমৰ জড়িয়তে বিবাহ সম্পন্ন হৈছিল পলী আৰু ৰিটমৰ। সামাজিক পৰম্পৰা অনুসৰি জ্যেষ্ঠ ভগ্নীয়ে অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে পলী আৰু ৰিটমৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments