ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছ দল আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেল বন্ধ কৰাৰ নিৰ্দেশ ৷ বেংগালুৰুৰ এখন আদালতে কপিৰাইট উলংঘাৰ গোচৰত এই নিৰ্দেশ দিছে ৷ কেজিএফ চলচিত্ৰখনৰ নিৰ্মাতা সকলে কংগ্ৰেছ দলে কপিৰাইট উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল ৷
ভাৰত জোড়ো যাত্ৰাৰ বাবে কংগ্ৰেছ দলে নিৰ্মাণ কৰা ভিডিঅ’বোৰত কেজিএফ চলচ্চিত্ৰৰ গান ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ হৈছে। কংগ্ৰেছ দলৰ এনে কাণ্ডকলৈ ক্ষোভ প্ৰকাশ কৰিছে চলচিত্ৰখনৰ সংগীত নিৰ্মাতা সকলে ৷ এমআৰটি মিউজিক কোম্পানীয়ে যশৱন্তপুৰ আৰক্ষী থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জয়ৰাম ৰমেশ আৰু সুপ্ৰিয়া শ্ৰীনেটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এই গোচৰৰ ভিত্তিতে বেংগালুৰুু আদালতে ভাৰত জোড়ো যাত্ৰাৰ ভিডিঅ’বোৰ টুইটাৰ হোণ্ডেলৰ পৰা আতৰাবলৈ নিৰ্দেশ দিয়াৰ লগতে কংগ্ৰেছ আৰু ভাৰত যোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেল অৱৰোধ কৰিবলৈ নিৰ্দেশ দিছে।
এই সন্দৰ্ভত কংগ্ৰেছ দলে কয় যে ,‘‘আমি ছ’চিয়েল মিডিয়াত কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেলৰ বিৰুদ্ধে বেংগালুৰুৰ এখন আদালতৰ আদেশৰ বিষয়ে জানিবলৈ পাৰিছো। আদালতৰ কাৰ্য্যক্ৰমৰ দ্বাৰা আমাক অৱগত বা হাজিৰ কৰা হোৱা নাছিল। অৰ্ডাৰৰ কোনো প্ৰতিলিপিও প্ৰাপ্ত হোৱা নাই। আমি আমাৰ নিষ্পত্তিত সকলো আইনী প্ৰতিকাৰ অনুসৰণ কৰি আছো।’’