ডিজিটেল ডেস্ক, anews24x7: সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়ক লৈ কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীয়ে কয় সমষ্টি পুনৰনিৰ্ধাৰণ যদি হৈ যায় তেন্তে বৰষুণৰ পানীতকৈ কংগ্ৰেছৰ চকুপানী বেছি হ’ব। কিয়নো ধুমুহা বৰষুণতকৈও কংগ্ৰেছৰ চকুপানী বহুত বেছি হব । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ব্যক্তিগতভাৱে নিজও সুখী নহয় মুখ্যমন্ত্ৰীগৰাকী।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কংগ্ৰেছে প্ৰতিবাদ কৰিবই, কংগ্ৰেছৰ দোকান ৫০ বছৰমানলৈ শেষ হৈ গ’ল। যদি সমষ্টি পুনৰনিৰ্ধাৰণ হৈ যায়, কংগ্ৰেছৰ চকুৰে ইমান পানী ওলাব যে বৰষুণৰ পানীয়েও বিট কৰিব নোৱাৰিব। ধুমুহা বৰষুণতকৈ কংগ্ৰেছৰ চকুপানী বেছি হ’ব।’’
লগতে তেওঁ কয় যে বৰাকত প্ৰতিবাদ হোৱা নাই। কিন্তু পৃথক বৰাকৰ দাবীতো বেলেগ কথা। বৰাকৰ লোকে আহি মোক ধন্যবাদ হে দি গৈছে। ৰাজদীপ ৰায়ে মোক ধন্যবাদ দিছে ফোনত, গাঁও কৰ্তন বা সংযোগ কৰিব বাবে বিজেপিক এখন স্মাৰক দিব তাৰ বাবে অশোক সিংহালক সাক্ষাৎ কৰিছে।’’