Friday, November 8, 2024
Homeঅসমঅৱশেষত প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম 

অৱশেষত প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম 

 

নিউজ ডেস্ক, ANEWS24X7 : অৱশেষত গোৱালপাৰা জিলা প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিয়া মিউজিয়াম ।

সোমবাৰে গোৱালপাৰাৰ লক্ষীপুৰত উন্মোচন কৰা হৈছিল বিতৰ্কিত মিউজিয়ামটো। লক্ষীপুৰ ৰাজ চক্ৰবিষয়া ৰাজীৱ গগৈয়ে এই মিউজিয়ামটো ছীল কৰে । 

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰত স্থাপন কৰাছিল এই মিঞা মিউজিয়ামটো। মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি শিক্ষক এম মোহৰ আলীৰ নামত আছে এই ঘৰটো। উল্লেখ্য যে, এই মিউজিয়ামক লৈ ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত অসম মিঞা পৰিষদৰ বিৰুদ্ধে লক্ষীপুৰ থানাত গোচৰ তৰিছিল বিজেপিৰ সংখ্যালঘু মৰ্চাই।মিঞা মিউজিয়াম সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে গোৱালপৰা প্ৰশাসনে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments