Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়দেশত পুনৰ কৰ’ণাৰ আতংক

দেশত পুনৰ কৰ’ণাৰ আতংক

ডিজিটেল ডেস্ক, ANEWS24X7: দেশত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ আতংক ৷ চীনত পুনৰ কৰ’ণাৰ আমিক্ৰনৰ উপৰূপ বি এফ-৭ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে ৷ শেহতীয়াকৈ ভাৰতত চাৰিজন লোকৰ শৰীৰত ধৰা পৰিছে বি এফ-৭ ৷ ইয়াকে লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মিলিত হৈছে জৰুৰী বৈঠক ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ স্বাস্থ্যমন্ত্ৰালয়ে দেশবাসীক অধিক জনসমাগম হোৱা স্থানত অৱশ্যকীয়ভাৱে মাক্স পৰিধান কৰাৰ লগতে কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ ৰাজ্য চৰকাৰ সমূহক কভিডৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ে ৷

উল্লেখ্য যে, কভিডে চীনত বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ এনে পৰিস্থিতিত বিশেষজ্ঞ সকলে ধাৰণা কৰিছে যে ২০২৩ বৰ্ষত সমগ্ৰ বিশ্বত ৮০ কোটি লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি জাপান , দক্ষিণ কোৰিয়া আৰু আমেৰিকাত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments