ডিজিটেল ডেস্ক, ANEWS24X7:সমগ্ৰ বিশ্বতে এতিয়া কৰ’ণাৰ নতুন উপপ্ৰজাতি বিএফ-৭ৰ সন্ত্ৰাস ৷ চীনৰ লগতে ইউৰেপৰ কেইবাখনো দেশত কৰ’ণাৰ নতুন প্ৰজাতিৰ সন্ত্ৰাসে গ্ৰাহ কৰিছে ৷ নতুন উপপ্ৰজাতি বিএফ-৭ৰ সংক্ৰমণ তীব্ৰ গতীত বৃদ্ধি পাবলৈ ধৰিছে ৷ কৰ’ণাৰ এই নতুন প্ৰজাতি বিএফ-৭ত আক্ৰান্ত হোৱা কেইবজনো ৰোগী ভাৰতত ধৰা পৰিছে ৷
ইয়াৰ পিছতে সতৰ্ক হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবীয়াই ইতিমধ্যে সতৰ্ক কৰি দিছে সমগ্ৰ দেশবাসীক ৷ নৱবৰ্ষ আৰু খ্ৰীষ্টমাছৰ সময়ত কৰ’ণা ভাইৰাছ অধিক সংক্ৰমণ হোৱাৰ আশংকা কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে ৷
ইয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক উচ্চ স্তৰীয় বৈঠকৰ আহ্বান জনায় ৷ এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবীয়াৰ লগতে স্বাস্থ্য আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷