ডিজিটেল ডেস্ক, ANEWS24x7: মথুৰাৰ শ্বাহী ইদগাহ বিবাদকলৈ আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ মছজিদৰ চৌহদত জৰীপ চলোৱাৰ নিৰ্দেশ আদালতৰ ৷ শনিবাৰে মথুৰাৰ স্থানীয় আদালতে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৷
ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগৰ অধীনত এই জৰীপৰ নিৰ্দেশ দিছে ৷ এই জৰীপৰ কাম ২ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব আৰু ইয়াৰ প্ৰতিবেদন ২০ জানুৱাৰীৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব ৷ ইয়াৰ বাবে সকলো পক্ষক নিৰ্দেশ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৷
মথুৰাৰ দেৱানী ন্যায়াধীশ জ্যেষ্ঠ সংমণ্ডল ছোনিকা ভাৰ্মাই শনিবাৰে হিন্দু সেনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰিছে । মথুৰাৰ স্থানীয় আদালতে কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ বিবাদৰ সৈতে জড়িত সকলো পক্ষকে শনিবাৰে জাননী জাৰি কৰিছে।