ডিজিটেল ডেস্ক,anews24x7: লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা এতিয়া কঁপনি উঠিছে অপৰাধৰ ভেটিত। আনন্দ মিশ্ৰৰ ভয়ত এতিয়া আত্মসমৰ্পণ কৰিছে ইজনৰ পিছত সিজন আইন বিৰুদ্ধে কামৰ সৈতে জড়িত লোক।
আনন্দ মিশ্ৰৰ সকীয়নিৰ পিছত এতিয়া ভৰিৰ তলৰ মাটি নাইকীয়া হৈছে অপৰাধীৰ। আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছত এতিয়ালৈ ২৪জন অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে। এই আটাইকেইজন নকল সোণ, জাল নোট চক্ৰৰে জড়িত বুলি জানিব পৰা গৈছে।
ইফালে, আনন্দ মিশ্ৰৰ আতংকত বহু অপৰাধীয়ে পলায়ন কৰিছে বুলিও জানিব পৰা গৈছে। বুধবাৰে নকল সোণৰ মাষ্টাৰমাইণ্ড আজগৰ আলী, আবু চহিদ, আতিকুলে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত। লগতে আন বহুকেইজনে নিজেই আহি আৰক্ষীৰ হাতত ধৰা দিছে।