Saturday, November 9, 2024
Homeৰাজনৈতিকলালকিলা আক্ৰমণৰ দোষী মহম্মদ আৰিফৰ মৃত্যুৰ ৰায় বাহাল

লালকিলা আক্ৰমণৰ দোষী মহম্মদ আৰিফৰ মৃত্যুৰ ৰায় বাহাল

ডিজিটেল ডেস্ক, ANEWS24X7:  ২০০০ চনৰ লালকিলা আক্ৰমণৰ মূল দোষী লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী মহম্মদ আৰিফ ওৰফে আশফাকৰ ফাঁচীৰ ৰায় বাহল ৰাখিলে উচ্চতম ন্যায়ালয়ে ৷ ২০০০ চনৰ ২০ ডিচেম্বৰত লালকিল্লা আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জড়িত আছিল পাকিস্তানী নাগৰিক মহম্মদ আৰিফ। ২০১১ চনৰ ১০ আগষ্টত উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল ৷

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ক এই ৰায়ৰ পুনৰ বিবেচনা কৰিবৰ বাবে আবেদন জনাইছিল মহম্মদ আৰিফে ৷ ২০১৯ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানীক বিচাৰপীঠে এই আৱেদনৰ অনুমতি প্ৰদান কৰিছিল ৷ এই আৱেদনৰ শুনানী গ্ৰহণ কৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পূৰ্বৰ মৃত্যুদণ্ডৰ ৰায় বাহল ৰাখিছে ৷

এই শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ,‘‘ মহম্মদ আৰিফে কৰা অপৰাধন অক্ষমণীয় আৰু তেওঁৰ অপৰাধ ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে শাস্তি হ্ৰাস কৰা নহ’ব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments