Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়ফিলিপাইনছত বানপানী আৰু ভূমিস্খলনত হোৱা মৃত্যুৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি

ফিলিপাইনছত বানপানী আৰু ভূমিস্খলনত হোৱা মৃত্যুৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্ক, A NEWS 24×7 : বিগত কিছুদিনৰ পৰা কেতবোৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি আছে ফিলিপাইনছে। শেহতীয়াকৈ ফিলিপাইনছৰ দক্ষিণ অংশত হোৱা ভূমিস্খলনত এজন লোকে প্ৰাণ হেৰুৱাইছে আৰু আন তিনিজন লোক সন্ধানহীন হৈছে। ইয়াৰ লগে লগে ফিলিপাইনছত বানপানী আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ বৰদিনৰ দিনা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে পুনৰ বহুতো অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। মধ্য আৰু দক্ষিণ ফিলিপাইনছত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পোৱাৰ লগতে ২৪ জনতকৈ অধিক লোকৰ সন্ধানহীন হৈ আছে।

দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ মতে ২৬ জন সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। ইফালে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ১,০২,৪৭৬ জনৰ পৰা ৩,৯৩,০৬৯ লৈ বৃদ্ধি পাইছে। দেশখনত ধ্বংসযজ্ঞ চলোৱা দুৰ্যোগৰ ফলত ৪৫,০০০ তকৈও অধিক লোকে নিৰাপত্তাৰ বাবে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।

দুৰ্যোগ সংস্থাৰ মতে নিৰুদ্দেশ হোৱাসকল মাছমৰীয়া আছিল আৰু তেওঁলোকে বেয়া বতৰৰ সৈতে সম্পৰ্কিত ভাবুকি স্বত্বেও সাগৰত মাছ মাৰিবলৈ গৈছিল যাৰ পিছৰ পৰা তেওঁলোক সন্ধানহীন হৈ আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments