ডিজিটেল ডেস্ক, ANEWS24X7: কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ সুদক গ্ৰেপ্তাৰৰ দাবী জনাইছে। কংগ্ৰেছ নেতাজনৰ দাবী কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক সুৰক্ষা প্ৰদান কৰি কংগ্ৰেছী নেতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
“এই ডিজিপি নালায়াক! তেওঁৰ বিৰুদ্ধে ৰুজু কৰিব লাগে গোচৰ। তেওঁক গ্ৰেপ্তাৰ কৰা উচিত- শিৱকুমাৰৰ মন্তব্য।
“তেওঁ চাকৰিৰ তিনি বছৰ কাল ইতিমধ্যে শেষ কৰিছে। তেওঁক আৰু কিমান দিন ৰাখিব বিচাৰে? তেওঁ কেৱল কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আহিছে। তেওঁ আমাৰ বিৰুদ্ধে ২৫ টাতকৈও অধিক গোচৰ ৰুজু কৰিছে,” তেওঁ লগতে কয়।
কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয় যে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ সুদৰ বিৰুদ্ধে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন ২০২৩ চনৰ মে মাহৰ আগতেই অনুষ্ঠিত হ’ব।
পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে কৰ্ণাটকত ক্ষমতালৈ আহিবলৈ কংগ্ৰেছে ২২৪ জনীয়া বিধানসভাত কমেও ১৫০ খন আসন জিকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যদিও জেডি(এছ)দলে ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বাবে ৯৩ জন প্ৰাৰ্থীৰ প্ৰথম খন তালিকা ঘোষণা কৰিছে। বিজেপি আৰু কংগ্ৰেছে এতিয়াও তেওঁলোকৰ তালিকা ঘোষণা কৰা নাই।