Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ট্ৰফী জয়ৰ সপোন ছিন্ন ভিন্ন!

ট্ৰফী জয়ৰ সপোন ছিন্ন ভিন্ন!

ডিজিটেল ডেস্ক, ANEWS24X7: ট্ৰফী জয়ৰ সপোনবোৰ ছিন্নভিন্ন হোৱাত কান্দি কান্দি বিশ্বকাপ এৰি থৈ যায় ক্রিষ্টিয়ানো ৰোনাল্ডোৱে; বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমখন আফ্ৰিকান দেশ হিচাপে ইতিহাস ৰচিলে মৰক্কোৱে …

শনিবাৰে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে মৰক্কো। বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমখন আফ্ৰিকান দেশ হিচাপে ইতিহাস ৰচিলে মৰক্কোৱে।

কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালক ১-০ গ’লত পৰাস্ত কৰে মৰক্কোৱে। ৪২ মিনিটত পৰ্তুগালক একমাত্ৰ গ’লটো দিবলৈ সক্ষম হয় মৰক্কো। দ্বিতীয়াৰ্ধত পৰ্তুগাল কেনেকৈ ঘূৰি আহিব সেয়াই লক্ষ্য আছঝিল।

৫০ মিনিটত পৰ্তুগালে ৰোনাল্ডো আৰু কেনচেলোক একেলগে আনিছিল। কিন্তু একোৱেই মৰক্কোৰ প্ৰতিৰক্ষা ভাঙিব নোৱাৰিলে। মৰক্কোবাসীয়ে এটাৰ পিছত এটা পৰ্তুগীজ আক্ৰমণ প্ৰতিহত কৰি আছিল। আৰু বিশ্বকাপ ২০২২ৰ পৰা বিদায় ল’লে পৰ্তুগালে।

নক আউট মেচত স্ক’ৰ কৰিব নোৱাৰাত দুঃখিত ৰোনাল্ডো। পৰ্তুগালৰ পৰাজয়ৰ পিছত tunnel লৈ খোজ কাঢ়ি যাওঁতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ চকুপানী ওলায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments