Monday, July 7, 2025
Homeঅসমগোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ, হত্যাকাণ্ডৰ অভিযুক্ত নাজিবুৰ ৰহমানৰ জ্যেষ্ঠ ভাতৃক আটক

গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ, হত্যাকাণ্ডৰ অভিযুক্ত নাজিবুৰ ৰহমানৰ জ্যেষ্ঠ ভাতৃক আটক

ডিজিটেল ডেস্ক, ANEWS24x7: গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰক লৈ আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। হত্যাকাণ্ডৰ অভিযুক্ত নাজিবুৰ ৰহমানৰ জ্যেষ্ঠ ভাতৃক আটক কৰে। ন-কছাৰী বুধবৰীয়াৰ পৰা আটক কৰে হিজবুল ৰহমানক। আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে গোলাঘাট আৰক্ষীয়ে। সোধা-পোছাৰ বাবে নাজিবুৰৰ মাতৃকো আটক কৰিছে আৰক্ষীয়ে।

আনহাতে গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাক লৈ বিশাল প্ৰতিবাদী সমদল উলিয়াই। সচেতন নাগৰিক সমাজ, গোলাঘাটৰ উদ্যোগত কেইবা সহস্ৰাধিক লোক ওলাই আহিল প্ৰতিকূল বতৰকো নেওচি। নাজিবুৰ ৰহমান বৰাক ফাঁচি দিয়াৰ দাবীত কঁপাই তুলিল গোলাঘাট নগৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments