দেশৰ পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে। আজি বিয়লি ৪ বজাত আয়োজিত এক সংবাদ মেলত নিৰ্বাচনৰ পূৰ্ণাংগ সূচী প্ৰকাশ কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে। এই সূচীৰ অধীনত ঘোষণা কৰা হ’ল অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন।
অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। ১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ। মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম।
এই ঘোষণাৰ লগে লগে পাঁচখন ৰাজ্যতে আৰম্ভ হ’ল নিৰ্বাচনী প্ৰক্ৰিয়া। বিশেষকৈ অসমৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৫টা ভোটকেন্দ্ৰ।
নাৰী শক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যে এইবাৰ ৰাজ্যত ৩,৭১৬টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব। তদুপৰি, ভোটাৰসকলৰ সুবিধাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰতে উন্নত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোনো এটা ভোটকেন্দ্ৰতে ১,২০০গৰাকীতকৈ অধিক ভোটাৰ নাথাকিব বুলি আয়োগে নিশ্চিত কৰিছে।
ভোটাৰসকলৰ বাবে প্ৰতিটো কেন্দ্ৰত খোৱাপানীৰ ব্যৱস্থা থাকিব আৰু দিব্যাংগ ভোটাৰৰ সুবিধাৰ বাবে ভোটকেন্দ্ৰসমূহ ভূমি মহলাত স্থাপন কৰা হ’ব। এইবাৰৰ নিৰ্বাচনত প্ৰযুক্তিৰ ব্যৱহাৰো অধিক শক্তিশালী কৰা হৈছে। প্ৰথমবাৰৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীন ফটো সংযুক্ত কৰা হ’ব, যাৰ ফলত ভোটাৰসকলে প্ৰাৰ্থীক সহজে চিনাক্ত কৰিব পাৰে।
ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ প্ৰতিটো ভোটকেন্দ্ৰত ১০০ শতাংশ ৱেব কাষ্টিং ব্যৱস্থা থাকিব। আনহাতে, ভোটকেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু ভোটাৰসকলে নিজৰ মোবাইল ফোন কেন্দ্ৰৰ বাহিৰত থৈহে ভোট দিব লাগিব।
ইয়াৰ উপৰি, নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য ভোটাৰসকলে লাভ কৰিব ECINET নামৰ বিশেষ এপ’ৰ জৰিয়তে। এই এপটোত নিৰ্বাচনৰ সময়সূচী, ভোটকেন্দ্ৰৰ তথ্য আৰু অন্যান্য প্ৰয়োজনীয় দিশসমূহ উপলভ্য থাকিব।
নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ পাছতেই ৰাজ্যসমূহত ৰাজনৈতিক তৎপৰতা আৰু অধিক তীব্ৰ হৈ পৰা দেখা গৈছে। অসমৰ উপৰি আজি পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰো নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়।
