ডিজিটেল ডেস্ক, ANEWS24X7: বুধবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ কৰা হৈছে হাতী চাফাৰী ৷ পুৱা ৫ বাজি ৩০ মিনিটত আনুষ্ঠানিক ভাবে হাতী চাফাৰি আৰম্ভ কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰী আৰু কঁঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে মুকলি কৰা হয় হাতী চাফাৰী ৷
চলিত বৰ্ষৰ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে জীপ চাফাৰী মুকলি কৰি দিয়া হৈছিল যদিও হাতী চাফাৰী বন্ধ কৰি ৰখওৱা হৈছিল হৈছিল ৷ ইয়াৰ ফলত বহু পৰ্যটকে আক্ষেপ কৰিছিল ৷
বন বিভাগৰ তথ্য অনুসৰি বুধবাৰৰ দিনটোত কঁহৰা বনাঞ্চলত ১৪ গৰাকী বিদেশী পৰ্যটকে বিভাগীয় হাতী চাফাৰী উপভোগ কৰে ৷ আনহাতে বাগৰি ৰেঞ্জত ২৫ গৰাকী পৰ্যটকে ব্যক্তিগত হাতী চাফাৰী উপভোগ কৰে ৷ বুধবাৰে কঁহৰা আৰু বাগৰী বনাঞ্চলত হাতী চাফাৰী পৰ্যটকৰ বাবে মুকলি কৰাত আনন্দিত হৈ পৰে পৰ্যটক সকল ৷