অতুল ভূমিজ, শদিয়া: সুদীৰ্ঘ ৩০ বছৰৰ অন্তত অৱশেষত যেন ন্যায় পাবলৈ সক্ষম হল তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পঞ্চ শ্বহীদ পৰিয়ালবৰ্গই। সুদীৰ্ঘ ৩০ বছৰীয়া ন্যায়িক যুজৰ অন্তত কালি শ্বহীদ পৰিয়ালবৰ্গই ২০ লাখকৈ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱাৰ কাৰ্যই অৱশেষত দেশত ন্যায় ব্যৱস্থা যে আজিও অক্ষুণ্ণ আছে তাকেই যেন প্ৰতিপন্ন কৰিলে
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিগত ২০২৩ বৰ্ষৰ ৯ মাৰ্চৰ দিনা সুদীৰ্ঘ ২৯ বছৰ পুৰণি ১৯৯৪ চনৰ অভিশপ্ত ২২ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনাৰ দ্বাৰা সংঘটিত পাঁচজন নিৰীহ যুৱকৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান প্ৰদান কৰিছিল ৷
অভিশপ্ত ১৯৯২ বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত সেনাই হত্যা কৰা সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ তিনিচুকীয়া জিলা সমিতিৰ তদানীন্তন উপদেষ্টা ডাঙৰী গাৱঁৰ প্ৰবীন সোনোৱাল, তালাপৰ আছু কৰ্মী অখিল সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস আৰু লাইনা-তামুলি গাৱঁৰ ভৱেন মৰাণৰ পক্ষত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দি নিৰীহ শ্বহীদ পৰিয়াল পাঁচটাক ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ সেনাক নিৰ্দেশ দিছিল ৷ আৰু অৱশেষত ন্যায়ৰ উক্ত নিৰ্দেশনা অনুসৰি কালি সন্ধিয়া শ্বহীদ পৰিয়ালবৰ্গই ২০ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত ১৯৯৪ চনৰ ১৫ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ তালাপস্থিত অসম ফ্ৰন্টিয়াৰ লিমিটেডৰ অন্তৰ্গত তালাপ চাহ বাগিছাৰ পৰিচালক ৰামেশ্বৰ সিঙক নিষিদ্ধ ঘোষিত সংগঠন আলফাই গুলীয়াই হত্যা কৰাৰ পাছত ১৮ ফেব্ৰুৱাৰী পুৱতি নিশা ভাৰতীয় সেনাৰ ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টে সেই সময়ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডাঙৰী গাঁৱৰ প্ৰবীণ সোনোৱাল, আছুৰ সক্ৰিয় সদস্য তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, লাইনা তামুলী গাঁৱৰ ভবেন মৰাণ, ধলাৰ ন-বৰমূৰা গাঁৱৰ অখিল সোনোৱাল, ৰূপাইৰ বিষ্ণু নগৰৰ গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, তালাপ আহুবাৰীৰ মনোৰঞ্জন দাস আৰু তামুলী-ধূলিজান ১নং বাদল পথাৰ গাঁৱৰ মতেশ্বৰ মৰাণ নামৰ ৯ জনকৈ নিৰীহ যুৱকক আলফাৰ সন্দেহত নিজ নিজ গৃহৰ পৰা উঠাই নিছিল। ইয়াৰে গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মনোৰঞ্জন দাস ( বৰ্তমান মৃত) আৰু মতেশ্বৰ মৰাণক সেনাই মুকলি কৰি দিছিল যদিও প্ৰবীণ সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোনোৱালক চাৰি দিনকৈ সেনা ছাউনীত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই শেষত ২২ ফেব্ৰুৱাৰী দিনা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল।
অতি বৰ্বৰতাৰে সেনাই ভুৱা আলফা সজাই পাঁচজনকৈ নিৰীহ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে ৰাজ্যযোৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত সেই সময়ৰ আছু নেতা জগদীশ ভূঞাই ২৩ ফেব্ৰুৱাৰী দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত পাঁচ শ্বহীদৰ ন্যায় বিচাৰি আবেদন কৰাত ন্যায়ালয়ে ডাঙৰীৰ এই পঞ্চ শ্বহীদ কাণ্ডৰ তদন্ত ভাৰ অৰ্পণ কৰিছিল চিবিআইক। চিবিআইয়ে চি ৪/চি/২০০০ নম্বৰত এটা গোচৰ ৰুজু কৰি ২০০০ চনতে তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়ালয়ক আৰু ভাৰতীয় সেনা প্ৰধানক দাখিল কৰিছিল। সুদীৰ্ঘ বছৰ সেনাই চিবিআইয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন গাপ দি ৰাখিছিল যদিও ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত চিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত দিনজানস্থিত সেনা কৰ্টত ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টৰ দোষী বিষয়াা জোৱানৰ বিৰুদ্ধে কৰ্ট মাৰ্চেলৰ ব্যৱস্থা কৰে সেনা প্ৰধানে। প্ৰায় ১ বছৰজুৰি চলা সেনাৰ এই কৰ্ট মাৰ্চেলৰ অন্তত ২০১৮ চনৰ ১৩ অক্টোবৰ তাৰিখৰ দিনা প্ৰদান কৰা ৰায়ত ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ দিনাৰ ডাঙৰীৰ উক্ত পঞ্চ শ্বহীদ কাণ্ডৰ সৈতে জড়িত ৭ জনকৈ সেনা বিষয়া জোৱানৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাণ্ডৰে কঠোৰ শাস্তি ঘোষণা কৰিছিল।
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাৱৰে আনিছিল পঞ্চ শ্বহীদা মৃতদেহ
এক ভুৱা সংঘৰ্ষৰে শীতল মস্তিস্কৰে প্ৰবীণ, প্ৰদীপ, দেৱজিৎ, অখিল আৰু ভবেনক ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টে হত্যা কৰি নাৱৰে ডাঙৰী নদী আৰু লাইনা নৈৰ মাজেৰে উদ্যান খনৰ পৰা ৫ টাকৈ মৃতদেহ কঢ়িয়াই আনিছিল। তেজেৰে লুতুৰিপুতুৰি অৱস্থাত সেনাৰ দলটোৱে ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰৰ পৰা ভাৰ বান্ধি উলিয়াই আনিছিল মৃতদেহ কেইটা। ডাঙৰী নদীত নাৱৰে মৃতদেহ কেইটা পাৰ কৰি পূৰ্বে পাৰত ৰৈ থকা সেনাৰ এটা বৃহৎ দলে সেনাবাহিনীৰ গাড়ীত তুলি ডাঙৰীৰ মেডিকেল তিনিয়ালিৰ লৈ আনিছিল। ডাঙৰী নদীৰ সমিপত মৃতদেহকেইটা সেনাৰ লোকে পৰিয়ালক চমজাই দিব বিচাৰিছিল যদিও পৰিয়ালৰ লোকে চমজি নলৈ কিয় হত্যা কৰা হল বুলি সেনাক উভতি ধৰাত সেনাৰ বৃহৎ দলটোয়ে মৃতদেহ কেইটা ডাঙৰী নদীৰ কাষত পথৰ দাতিতে কুকুৰা-মেকুৰিৰ দৰে পেলাই থৈ উক্ত স্থানৰ পৰা ধলাস্থিত ১৮নং পঞ্জাৱ ৰেজিমেণ্টৰ সেনা চাউনিলৈ পলায়ন কৰে।
দণ্ডাধীশ পৰ্যায়ৰ তদন্তত ন্যায় প্ৰদানত ব্যৰ্থ হৈছিল ৰাজ্য চৰকাৰ
সদৌ অসম ছাত্ৰ সন্থাৰ ৫ জনকৈ নিৰীহ সদস্যক গুলীয়াই হত্যা কৰা আৰু নিৰীহ ব্যক্তিক ১৮নং পাঞ্জাৱ ৰেজিমেণ্টৰ সেনা বিষয়াই নিৰ্যাতন চলাই ঘূণীয়া কৰি তোলা কাণ্ডক সদৌ অসম ছাত্ৰ সন্থাৰ অসমজুৰি কঁপাই তোলা গণ আন্দোলনত সেও মানি ৰাজ্য চৰকাৰে ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰী ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাইছিল যদিও তদন্তকাৰী বিষয়াৰ প্ৰতিবেদনেৰে পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰিবলৈ নোৱাৰিলে ৰাজ্য চৰকাৰে। অৱশ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰা সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নিৰ্দেশত তিনিচুকীয়া জিলা প্ৰশাসনৰ সেইসময়ৰ উপাযুক্তৰ গৰাকীয়ে ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টৰ বিষয়া-জোৱানৰ হাতত আটক হোৱাৰ পৰা বচাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জগদীশ ভূঞাই ৰুজু কৰা পঞ্চ শ্বহীদ গোচৰটোত সাক্ষদানৰ সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰিছিল। উল্লেখ্য যে, জগদীশ ভূঞাৰ লিখিত অভিযোগৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ভাৰতীয় সেনাৰ ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টে আটক কৰা প্ৰবীণ, প্ৰদীপ, দেৱজিৎ, অখিল আৰু ভবেনক ২২ ফেব্ৰুৱাৰীৰ দিনা জিলা দণ্ডাধীশ নাইবা ন্যায়াধীশৰ ওচৰত হাজিৰ কৰোৱাবলৈ নিৰ্দেশ উলংঘা কৰি নিৰীহ উক্ত ৫ জন যুৱকক পৰিকল্পিতভাৱে হত্যা কৰা হল বুলে জগদীশ ভূঞাই এদিনৰ পাছতে অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত পাঞ্জাৱ ৰেজিমেণ্টৰ বিৰুদ্ধে দ্বিতীয়টো অভিযোগ তুলি উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ লগে লগে দণ্ডাধীশ পৰ্যায়ৰ তদন্তটোৰ মূল সাক্ষী তথা জগদীশ ভূঞাৰ গোচৰটোৰ মুখ্য সাক্ষী গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মতেশ্বৰ মৰাণ আৰু মনোৰঞ্জন দাসক আটক কৰি উচ্চ ন্যায়ালয়ত সাক্ষ্যদান কৰাৰ পৰা আতৰাই ৰখাৰ চেষ্টা চলাইছিল ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টেৰ শীৰ্ষ বিষয়াই। পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলা প্ৰশাসনৰ তত্ত্বাৱধানত অসম আৰক্ষীৰ নিৰাপত্তাৰে গুণীন, প্ৰকাশ, মতেশ্বৰ, আৰু মনোৰঞ্জনক গুৱাহাটীৰ কাহিলিপাৰাৰ অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত লুকুৱাই ৰাখিব লগা হৈছিল ১৮নং পাঞ্জাৱ ৰেজিমেণ্টৰ ভয়ত। উল্লেখ্য যে, তিনিচুকীয়া পৰা গুৱাহাটী কাহিলিপাৰাৰ পুলিচ দেঢ কোৱাৰ্টাৰলৈ গুণীন, প্ৰকাশ, মতেশ্বৰ আৰু মনোৰঞ্জন দাসক একোটাকৈ নকল কাঠৰ বন্ধুক হাত হাতে লবলৈ নিৰ্দেশ দিছিল বুলে এই প্ৰতিবেদকক জানিবলৈ দিছে। উল্লেখ্য যে, সেনাই ডাঙৰী নদী আৰু লাইনা নৈত নাৱেৰে মৃতদেহ ৫ টা পাৰ কৰি দিবলৈ নিৰ্দেশ দিয়া লাইনা বৰচাকলি গাঁৱৰ দূৰ্গা ওৰাং, মাকা মূড়া ( মৃত), আৰু ৰত্ন মূড়া নামৰ নাৱৰীয়া ৩ জনেঢ ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টৰ বিষয়া-জোৱানৰ ভয়ত গুৱাহাটীৰ কাহিলিপাৰা অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত আশ্ৰয় লৈ থাকিব লগীয়াত হৈছিল।
উচ্চ ন্যায়ালয়ত কোনো কোনে সাক্ষী দিছিল
জগদীশ ভূঞাই উচ্চ ন্যায়ালয়ত ১৯৯৪ চনৰ ২৩ ফেব্ৰুৱাৰীত ৰুজু কৰা পঞ্চ শ্বহীদ গোচৰটোত তালাপ আৰক্ষী চকীৰ তদানীন্তন আৰক্ষী বিষয়া মণোৰাঞ্জন গোস্বামী, ডুমডুমা ৰাজহচক্ৰ কাৰ্যালয়ৰ তদানীন্তন চক্ৰ বিষয়া নিৰঞ্জন বৰুৱাকে ধৰি গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মতেশ্বৰ মৰাণ, মনোৰঞ্জন দাস, নাৱৰীয়া দূৰ্গা ওৰাং, মাকা মূড়া, ৰত্ন মূড়া, অসম ফ্ৰন্টিয়াৰ টী লিমিটেডৰ তদন্তকাৰীবিষয়া আৰু পঞ্চ শ্বহীদ পৰিয়ালবৰ্গই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ ওচৰত সাক্ষ্যদান কৰিছিল। উচ্চ ন্যায়ালয়ে জগদীশ ভূঞাৰ উক্ত গোচৰটোৰ ৰায়দান ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ কৰে। ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চিবিআইয়ে ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টৰ বিৰুদ্ধে আৰ চি-৪-এছ-২০০০ নং এটা গোচৰ ৰুজু কৰি ডেৰ বছৰত ভাৰতীয় সেনা প্ৰধানক তদন্তৰ চূড়ান্ত প্ৰতিবাদন দাখিল কৰিছিল।
আৰু অৱশেষত সুদীৰ্ঘ ৩০ বছৰীয়া ন্যায়িক যুজৰ অন্তত কালি সন্ধিয়া শ্বহীদ পৰিয়ালবৰ্গই ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই কিঞ্চিৎ হলেও সকাহ দিলে পঞ্চ শ্বহীদ পৰিয়ালবৰ্গক।