ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ল ইউৰোপীয় সংসদ । ইউৰোপীয় সংসদত ৰাছীয়াৰ বিৰুদ্ধে প্ৰস্তাৱ ৷
ৰাছিয়াক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ আখ্যা ইউৰোপীয় সংসদৰ ৷ ইউৰোপীয় ইউনিয়নৰ আইনসভাই ৪৯৪-৫৮ ভোটত ৰাছিয়াৰ বিৰুদ্ধে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷
ইউৰোপীয় ইউনিয়নে কয় যে ,‘‘ ইউক্ৰেইনৰ অসামৰিক লোকৰ বিৰুদ্ধে ৰাছিয়ান ফেডাৰেশ্যনে ইচ্ছাকৃতভাৱে কৰা আক্ৰমণ আৰু অত্যাচাৰ, অসামৰিক আন্তঃগাঁথনি ধ্বংস , মানৱ অধিকাৰ উলংঘন আদি গুৰুতৰ উলংঘন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমান” ।