Wednesday, March 11, 2026
Homeঅসমবিপদত পৰিছে শিলসাঁকোৰ উচ্ছেদিত শিক্ষাৰ্থীসকল

বিপদত পৰিছে শিলসাঁকোৰ উচ্ছেদিত শিক্ষাৰ্থীসকল

ডিজিটেল ডেস্ক, NANEWS24X7: শিলসাঁকোৰ উচ্ছেদ অভিযানে বহু শিক্ষাৰ্থীৰ জীৱন একপ্ৰকাৰ অনিশ্চিত কৰি তুলিছে ৷ সোমবাৰে গুৱাহাটীৰ শিলসাঁকো বিলৰ প্ৰায় ৪০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযানত প্ৰায় এহাজাৰৰো অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছিল।যত সৰ্বাধিক অসমীয়া তথা বড়ো সম্প্ৰদায়ৰ লোক থকা প্ৰায় ৩০০ টা পৰিয়ালক এই অভিযানত উচ্ছেদ কৰা হৈছিল ।

ইপিনে ভুক্তভোগীয়ে জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিযানটো এমাহ পিছুৱাই দিবলৈ অনুৰোধ কৰা হৈছিল যদিও সেই অনুৰোধ মুখ্যমন্ত্ৰীয়ে নামানিলে ।উচ্ছেদৰ বলি এগৰাকী মহিলাই জানিবলৈ দিয়ে যে তেওঁৰ পুত্ৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এই উচ্ছেদ অভিযানে তেওঁৰ পুত্ৰৰ ভৱিষ্যতক নিশ্চিত ভাৱে প্ৰভাৱিত কৰিব, যাৰ বাবে পৰিয়ালটো এতিয়া শংকিত। আনহাতে, আটোমটোকাৰিকৈ সজা নিজৰ ঘৰখন চকুৰ আগতে ভাঙি পেলোৱা দেখি শোকত ভগি পৰা পৰিলক্ষিত হ’ল বহুতকে ।

ইফালে উচ্ছেদ অভিযানত প্ৰায় ৪৫০ টা গাঁথনি ভাঙি ধ্বংস কৰা হৈছে । ইয়াৰ ভিতৰত কেঁচা আৰু পকী মিলি ৩০০ টা ঘৰৰ লগতে বাকী হৈছে গুদামৰ দৰে বাণিজ্যিক নিৰ্মাণ। অভিযানটোত পাঁচখন বুলড’জাৰ ব্যৱহাৰ কৰা হয় ।গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰিটিয়ে অঞ্চলটো নিৰ্ধাৰণ কৰাৰ পিছত কামৰূপ জিলা প্ৰশাসনে এই অভিযান চলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments