ডিজিটেল ডেস্ক, ANEWS24X7 : ১৯৯৪ চনত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনা বাহিনীৰ দ্বাৰা সংঘটিত এনকাউন্টাৰত নিহত হোৱা পৰিয়ালসমূহক ২০লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আদেশ দিলে চৰকাৰক
অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত গোচৰটো দাখিল কৰিছিল
২৯ বছৰীয়া ন্যায়িক যুঁজৰ অন্তত অলপতে ন্যায়ালয়ে ৰায়টো প্ৰদান কৰিছিল৷
উক্ত ভূক্তভোগী পৰিয়ালকেইটাৰ উপস্থিতিত গোচৰকৰ্তা জগদীশ ভূঞাই সংবাদ মেলৰ সম্বোধন কৰে৷
সেনাৰ বৰ্বৰ নিৰ্যাতনৰ বলি হোৱা ব্যক্তি কেইজন আছিল প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, ভবেন মৰাণ, দেৱজিত বিশ্বাস, প্ৰদীপ দত্ত
দুমাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক আদালতে ভুক্তভোগী পৰিয়াল কেইটাক ২০ লাখ কৈ টকা ক্ষতিপূৰণ দিবলৈ আদালতে আদেশ দিয়ে
তদানীন্তন কৰ্ণেল অনিল কুমাৰ লালৰ নেতৃত্বত অহা সাতজনীয়া এটা সামৰিক দলে কৰ্ণেল লালৰ ভনী জোঁৱাইৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ সাত গৰাকী তেজাল অসমীয়া যুৱকক শোৱা পাটিৰ পৰা উঠাই নি হত্যা কৰে বুলি ভুক্তভোগী পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়ে।
হত্যাৰ পূৰ্বে সামৰিক বাহিনীৰ জোৱানে যুৱক কেইজনক অমানুষিক অত্যাচাৰ কৰে।
যুৱক কেইজনৰ কাৰোবাৰ যদি হাতত নখ উভালি পেলোৱা হৈছিল, কোনোবা জনৰ জিভা ছিঙি দিয়া হৈছিল, চকু ঘুকুটি উলিয়াই আনিছিল।
এনেদৰে জঘন্য অত্যাচাৰ কৰি ক্ষমতাৰ বলত উন্মাদ হৈ পৰা ভাৰতীয় সেনাৰ সেইকেইগৰাকী জোৱানে নিৰ্দোষী অসমীয়া যুৱক কেইজনক আলফাৰ সন্দেহত নিৰ্মম ভাৱে হত্যা কৰে।
সামৰিক আদালতে বিচাৰত কৰ্ণেল লাল আৰু তেওঁৰ সহযোগি কেইজনক দোষী সাব্যস্ত কৰে।
পাঞ্জাৱ ৰেজিমেণ্টৰ জোৱানে নিশা ৩ বজাত দেৱজিত বিশ্বাসৰ ঘৰত সোমাই অনুসন্ধান চলাই তেওঁক আটক কৰি লৈ যায়
৫ ফেব্ৰুৱাৰীত কৰ্ণেলৰ ভনী জোঁৱাইক উগ্ৰপন্থীয়ে হত্যা কৰে, ভনীয়েকক তেওঁ প্ৰতিজ্ঞা কৰিলে প্ৰতিশোধ লোৱাৰ, সেই মৰ্মে উগ্ৰপন্থীক আটক কৰিব নোৱাৰি সেই নিৰীহ পাঁচজন যুৱকক হত্যা কৰে।