Thursday, November 7, 2024
Homeৰাজনৈতিকমুকলি কৰিলে উত্তৰ-পূব তথা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

মুকলি কৰিলে উত্তৰ-পূব তথা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

ডিজিটেল ডেস্ক, ANEWS24X7:  প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূব তথা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ্ কৰে ৰে’লখনৰ।

মুকলি অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰিলৈ চলিব বন্দে ভাৰত এক্সপ্ৰেছ।

গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি সংযোগী এই ৰে’লে বৰ্তমান দুয়োখন স্থানৰ মাজত চলি থকা আটাইতকৈ দ্ৰুততম ৰে’লৰ তুলনাত প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। বন্দে ভাৰতে ৫ ঘণ্টা ৩০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব, আনহাতে বৰ্তমানৰ দ্ৰুততম ৰে’লখনে একে যাত্ৰা অতিক্ৰম কৰিবলৈ ৬ ঘণ্টা ৩০ মিনিট সময় লাগে।

প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছক অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয়, “উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ সম্পৰ্কীয় তিনিটা কাম চলি আছে। উত্তৰ-পূর্বাঞ্চলে লাভ কৰিছে প্রথম মেড ইন ইণ্ডিয়া বন্দে ভাৰত। দ্বিতীয়তে, পশ্চিম বংগক সংযোগ কৰা এয়া তৃতীয় বন্দে ভাৰত আৰু অসম আৰু মেঘালয়ৰ প্ৰায় ৪২৫ কিলোমিটাৰ ট্ৰেকত বিদ্যুৎকৰণৰ কাম সম্পূৰ্ণ হৈছে।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments